Home মুখ্য পৃষ্ঠা হাতীবন্ধিয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ, দৰিদ্ৰ কৃষক ৰাইজৰ কুঁহিয়াৰ,ধানখেতি অনিষ্ট

হাতীবন্ধিয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ, দৰিদ্ৰ কৃষক ৰাইজৰ কুঁহিয়াৰ,ধানখেতি অনিষ্ট

124
0

হাতীবন্ধিয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ, দৰিদ্ৰ কৃষক ৰাইজৰ কুঁহিয়াৰ,ধানখেতি অনিষ্ট

দৈনন্দিন বাৰ্তা লাইভ হেলেমঃ বন্যহস্তী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই অহাৰ সময়তে যোৱা নিশা গহপুৰৰ হাতীবন্ধিয়া গাঁৱত প্ৰায় ৭০/৮০ জনীয়া বন্য হস্তীৰ দল এটাই চলালে উপদ্ৰৱ।দৰিদ্ৰ কৃষক ৰাইজে অতি হেঁপাহেৰে কৰা কৃষি কাৰ্যত চলালে ধ্বংসলীলা।

এফালৰ পৰা তহিলং কৰি নিলে প্ৰায় ২ বিঘা কুঁহিয়াৰ খেতিকে ধৰি ১০ বিঘা মাটিৰ ধানশস্য। ৰাতি কৃষক ৰাইজে বন বিভাগক খবৰ দিছিল যদিও বনবিভাগৰ লোক কিছু পলমকৈ উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে।অৱশ্যে বনৰীয়া হাতীৰ জাকটো অৱশেষত বনবিভাগৰ লোকে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও গঞা ৰাইজ এতিয়া আশংকাত ভুগিছে।

সঘনাই সেইঅঞ্চললৈ বনৰীয়া হাতীজাকৰ আগমন ঘটে।হাতীবন্ধিয়া গাঁৱখনৰ কৃষিজীৱি ৰাইজ এতিয়া চিন্তিত।বিশেষ ভাৱে ৰূপেশ্বৰ বৰা,বিমল কুৰুৱা,নৱজ্যােতি বৰা,চন্দ্ৰ বৰা,ৰাহুল বৰা আদি ব্যক্তিসকলৰ কৃষি শস্য বিস্তৰ ক্ষতি হয়। সকলো গঞা ৰাইজে এতিয়া চৰকাৰক অনুৰোধ কৰিছে যাতে এই বন্যহস্তীৰ সমস্যাটোৰ যাতে এটা স্থায়ী সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here