Home মুখ্য পৃষ্ঠা বয়জেৰ আলগাত পানবাৰী জিলা পৰিষদ সদস্যাৰ বিজয়ী সভা

বয়জেৰ আলগাত পানবাৰী জিলা পৰিষদ সদস্যাৰ বিজয়ী সভা

169
0

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন
শেহতীয়া পঞ্চায়ত নিৰ্বাচনত পানবাৰী জিলা পৰিষদ সদস্যা পদৰ কংগ্ৰেছ দলৰ ৰেহেনা পাৰিবনে বিজয়ী হোৱা উপলক্ষে আজি বিয়লি চাৰি বজাত বয়জেৰ আলগা গাওঁ পঞ্চায়তৰ মায়াৰ চৰ বজাৰ প্ৰাঙ্গণত এখন বিজয়ী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বয়জেৰ আলগা গাওঁ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি গিয়াছ উদ্দিনে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে কংগ্ৰেছ কৰ্মী শাহজাহান আলী আহমেদে। বিজয়ী সভা খনত পানবাৰী জিলা পৰিষদ সদস্যাৰ হৈ তেওঁৰ স্বামী তথা প্ৰাক্তন পানবাৰী জিলা পৰিষদ সদস্য ৰেজ্জাক আলী আহমেদৰ লগতে নায়েৰ আলগা সমবায় সমিতি চেয়াৰমেন ছাদেক আলী আহমেদ, বিলাসীপাৰাস্হ সাংবাদিক ফৰিছ উদ্দিন আহমেদ, আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি জহিৰুল ইচলাম, কংগ্ৰেছ কৰ্মী শাহজাহান আলী আহমেদকে ধৰি বিভিন্ন গন্য-মান্য ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে পানবাৰী জিলা পৰিষদ সদস্যাৰ স্বামী ৰেজ্জাক আলী আহমেদে ভাষন প্ৰসংগত কয় যে আগন্তুক পানবাৰী সমষ্টিৰ অন্তৰ্গত সকলো পঞ্চায়তে উন্নয়ন মুলক কাম কৰিব বুলি আস্থা প্ৰদান কৰাৰ লগতে ৰাইজৰ পৰা দোৱা আৰ্শীবাদ কামনা কামনা কৰে। ভাষন প্ৰসংগত তেওঁ কয় যে দেশৰ শান্তিৰ হকে কংগ্ৰেছ দলক আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনায়। তেওঁ এ আই ইউ ডি এফ দলৰ কাৰ্য্যকলাপ সম্পৰ্কে তীব্ৰ সমালোচনা কৰে। সভাত নায়েৰ আলগা সমবায় সমিতি চেয়াৰমেন ছাদেক আলী আহমেদ, জহিৰুল ইচলামে উপস্থিত থাকি ভাষন প্ৰদান কৰে। উক্ত সভাত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here