Home মুখ্য পৃষ্ঠা মানকাচৰৰ আৰাট গাওঁত পত্নীক কেৰাচিন তেল ঢালি জুই লগাই হত্যাঃ হত্যাকাৰী ছপিয়েল...

মানকাচৰৰ আৰাট গাওঁত পত্নীক কেৰাচিন তেল ঢালি জুই লগাই হত্যাঃ হত্যাকাৰী ছপিয়েল হকক গ্ৰেপ্তাৰৰ দাবীঃ

295
0
মানকাচৰৰ আৰাট গাওঁত পত্নীক কেৰাচিন তেল ঢালি জুই লগাই হত্যাঃ

#মানকাচৰৰ আৰাট গাওঁত পত্নীক কেৰাচিন তেল ঢালি জুই লগাই হত্যাঃ হত্যাকাৰী ছপিয়েল হকক গ্ৰেপ্তাৰৰ দাবীঃ

দৈনন্দিন বাৰ্তাLIVE@ (আব্দুল্লাহ শেখ) হাটশিঙিমাৰী, ১৭ নৱেম্বৰঃ নৱগঠিত দঃশালমাৰা আৰক্ষী জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত আৰাট গাওঁৰ নুৰ ইছলামৰ পুত্ৰ ছপিয়েল হকে চলিত মাহৰ ৯ তাৰিখৰ দিনা ৰাতি ৭ বজাত তেওঁৰ পত্নী মৰ্জিনা খাতুনক মাৰপিট কৰিছিল। কিন্তু পৰিতাপৰ বিষয় সেই মাৰপিট খাই মৰ্জিনা খাতুন অসুস্থ হৈ পৰে আৰু ইয়াৰে সুযোগ লৈ শৰীৰত কেৰাচিন তেল ঢালি জুই লগাই হত্যা কৰে বুলি এজাহাৰকাৰীৰ প্ৰতিলিপিত উল্লেখ। বৰ পৰিতাপৰ বিষয় যে এজনী বোৱাৰীক জীৱন্তে জ্বলাই হত্যা কৰাৰ এক সপ্তাহ অতিক্ৰম হল যদিও আচামীক গ্ৰেপ্তাৰ নকৰাত স্থানীয় ৰাইজ আৰু মৃত্যু মৰ্জিনাৰ পিতৃ হতাশাত ভূগি আছে। অনতিপলমে হত্যাকাৰী ছপিয়েল হক, নুৰ ইছলাম, ছকিনা খাতুনক গ্ৰেপ্তাৰ কৰাৰ বাবে দঃশালমাৰা আৰক্ষী অধীক্ষক অমৃত ভূঞা ডাঙৰীয়াক আৰু দঃশালমাৰা মানকাচৰ জিলা উপায়ুক্ত আতিকা চুলতানাক অনুৰোধ জনায় মৃত্যু মৰ্জিনা খাতুনৰ পিতৃয়ে। উপযুক্ত ন্যায় বিচাৰি প্ৰশাসনৰ কাষ চপা ইজাহাৰকাৰীয়ে কেতিয়া ন্যায় পাব সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here