Home মুখ্য পৃষ্ঠা শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ সত্রাধিকাৰ উৎচবানন্দ দেৱগোস্বামী চিকিৎসাধীন

শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ সত্রাধিকাৰ উৎচবানন্দ দেৱগোস্বামী চিকিৎসাধীন

342
0

লাহোৱালৰ পৰা দিবাকৰ দত্ত
ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ সত্রাধিকাৰ শ্ৰীশ্ৰী উৎচবানন্দ দেৱগোস্বামী মগজুৰ ৰক্তজিনত ৰোগত আক্রান্ত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিংহোমত চিকিৎসাধীন হয় আছে।সমগ্ৰ ৰাজ্যখনৰ এগৰাকী উদাৰমনৰ তথা সংস্কাৰক সত্ৰাধিকাৰ গৰাকীয়ে কিছু দিনৰ পৰা অসুস্থ হৈ আছিল আৰু যোৱা বিহস্পতিবাৰে হস্পিটেলত ভৰ্তি কৰিবলগীয়া হয়।মদাৰখাত সত্ৰ সতৰাধিকাৰ গৰাকীয়ে বৰ্তমানলৈকে পাঁচ সহস্ৰাধিক ভক্তক হৰণ আৰু ভজন প্ৰদান কৰিছে।সত্ৰাধিকাৰ গৰাকীৰ চিকিৎসা দীঘলীয়া হোৱাৰ লগতে ব্যয়বহুল হব আৰু সেয়ে পৰিয়ালবৰ্গই ভক্তসমাজ তথা শুভাকাংখী ৰাইজক আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ পৰিয়ালবৰ্গ তৰফৰ পৰা অনুৰোধ জনাইছে।লাহোৱাল বিধান সভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই যাতে মদাৰখাত সত্ৰ সত্ৰাধিকাৰ গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আৰ্থিক সাহায্য প্ৰদান কৰি সহযোগিতা আগবঢ়াবলৈ স্থানীয় মদাৰখাতবাসী ৰাইজে আহ্বান জনাইছে।সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন,সভাপতি ডেভিড চেতিয়া ই সত্রাধিকাৰ গৰাকী স্বাস্থ্য বুজ লোৱাৰ লগতে শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here