Home মুখ্য পৃষ্ঠা তিনি বছৰত আত্মহত্যা তিনিশ দহজন সেনা জোৱানৰ

তিনি বছৰত আত্মহত্যা তিনিশ দহজন সেনা জোৱানৰ

258
0

DB LIVE ৰ বিশেষ প্ৰতিবেদনঃ
অতিৰিক্ত কামৰ হেঁচা, পৰিয়ালৰ পৰা দীৰ্ঘদিন আঁতৰি থাকিবলগীয়া হোৱা আদি কাৰকসমূহে ভাৰতীয় সেনাৰ জোৱান আৰু বিষয়াসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলতে প্ৰতিবছৰে কেৱল হতাশাৰ বাবেই আত্মহত্যা কৰিছে গড়ে এশজনকৈ ভাৰতীয় সেনাই।

লোকসভাৰ মজিয়াত সদৰী কৰিছে প্ৰতিৰক্ষা দপ্তৰে এই তথ্য প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা দপ্তৰে লোকসভাৰ মজিয়াত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষত কেৱল হতাশাৰ বাবেই ৪৪ জন ভাৰতীয় সেনা জোৱানে আত্মহত্যা কৰিছে।

২০১৬ চনৰ পৰা এতিয়ালৈকে ভাৰতীয় সেনাত আত্মহত্যা কৰা জোৱানৰ সংখ্যা ৩১০ জন বুলি লোকসভাত প্ৰতিৰক্ষা দপ্তৰে অৱগত কৰে। এনেদৰে আত্মহত্যা কৰা সকলৰ ভিতৰত ৯ জন সেৱা বিষয়াও আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ২০১৭-১৮ বৰ্ষত ৭৮ জন সেনা জোৱানে হতাশাৰ বলি হৈ আত্মহত্যা কৰিছিল।

এনেদৰে শেহতীয়াকৈ প্ৰতিবছৰে গড়ে এশজনকৈ সেনা জোৱানে হতাশাৰ চিকাৰ হৈ আত্মহত্যাৰ পথ বাচি লোৱা বুলি সূত্ৰটোৱে ব্যক্ত কৰে। উল্লেখ্য কামৰ হেঁচা কমা উচ্চ পদস্থ বিষয়াৰ অমানৱীয় আচৰণ আদিৰ বাবেই বহু জোৱানে আত্মহত্যা কৰি আহিছে।

কিছু দিন পৰ্ূেব সেনা বাহিনীৰ মেজৰ শিখৰ থাপাই মূৰত গুলীয়াই আত্মহত্যা কৰিছিল। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ভাৰতীয় সেনা জোৱানসকলৰ মানসিক চাপ প্ৰশমন কৰিবলৈ চৰকাৰে নানান ব্যৱস্থা হাতত লৈছে যদিও ফলপ্ৰসূ হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here