Home মুখ্য পৃষ্ঠা ২৯ ডিচেম্বৰত মুকলি কৰিব মোডীয়ে দেশৰ দ্ৰুতবেগী ৰে’ল সেৱা

২৯ ডিচেম্বৰত মুকলি কৰিব মোডীয়ে দেশৰ দ্ৰুতবেগী ৰে’ল সেৱা

310
0

DB LIVE পূজাশ্ৰী কলিতাৰ বিশেষ প্ৰতিবেদনঃ
দেশৰ আটাইতকৈ দ্ৰুতবেগী ৰেলৰ স্বীকৃতি লাভ কৰিলে ভাৰতীয় ৰেলত নতুনকৈ সংযোজন হ’বলৈ ওলোৱা ট্ৰেইন-১৮ নে। দেশৰ বিজ্ঞানীসকলে প্ৰায় থলুৱা প্ৰযুক্তিৰে সাজি উলিওৱা এই দ্ৰুতবেগী ৰেলখনৰ ঘণ্টাত গতিবেগ ১৮০ কিলোমিটাৰ।  ২৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ৰেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনৰ প্ৰথম দিনটোত নতুন দিল্লীৰ পৰা পুৱা ৬ বজাত ট্ৰেইন-১৮ নামৰ ৰেলখনে যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ২ বজাত বাৰানসীত গৈ উপস্থিত হ’ব। একেদিনাই দিনৰ ২.৩০ বজাত পুনৰ ৰেলখনে বাৰানসীৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা ১০.৩০ বজাত নতুন দিল্লীত উপস্থিত হ’ব। ৰেল বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ৰেলখনৰ ভাৰা শতাব্দী ৰেলতকৈ ২০-২৫ শতাংশ বেছি হ’ব। ট্ৰেইন-১৮ ৰ ভাৰা তেজাছ এক্সপ্ৰেছৰ ভাৰাৰ সৈতে একে থাকিব। ৰেলখনত ১৬ টা ডবা থাকিব আৰু ইয়াৰে আটাইকেইটা ডবাই সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্ৰিত হ’ব। একোটা ডবাত ৫৬ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here