Home মুখ্য পৃষ্ঠা ষষ্ঠ সংখ্যক অসম ৰাজ্যিক শক্তিউত্তোলন প্ৰতিযোগিতা

ষষ্ঠ সংখ্যক অসম ৰাজ্যিক শক্তিউত্তোলন প্ৰতিযোগিতা

129
0

DB LIVE ধনশিৰিঃ
ষষ্ঠ সংখ্যক অসম ৰাজ্যিক শক্তিউত্তোলন প্ৰতিযোগিতাখনি তিনিচুকীয়া জিলাৰ মাকুমত অসম শক্তিউত্তোলক সন্থাৰ দ্বাৰা স্বীকৃত ষষ্ঠ সংখ্যক অসম ৰাজ্যিক শক্তিউত্তোলন প্ৰতিযোগিতাখনি আৰম্ভ হয় |

তিনিচুকীয়া জিলা শক্তিউত্তোলক সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ১৬ খন জিলাৰ আৰু লগতে তেজপুৰ বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ মুঠ দুই শতাধিক শক্তিউত্তোলকে অংশগ্ৰহণ কৰে |আজি নিশালৈকে হোৱা প্ৰতিযোগিতাত শোণিতপুৰ জিলাই ৪ সোনৰ,১ টা ৰূপৰ ১টা ব্ৰন্জৰ,ধনশিৰিয়ে ৪ টা সোনৰ, ১ ৰূপৰ,২ টা ব্ৰন্জৰ পদক হস্তগত কৰে ৷

পুৰুষ শাখাৰ পদক বিজয়ী সকল ক্ৰমে ৫৩ কেজি কণিষ্ঠ শাখাত শোনিতপূৰ জিলাৰ পলাশ কোঁচে প্ৰথম স্হান , ডিব্ৰুগড়ৰ বিকাশ গড় দ্বিতীয় , শোণিতপূৰ জিলাৰ ৰণজিৎ সিঙে তৃত্বীয় স্হান দখল কৰে ৷

প্ৰতিযোগিতাখনিৰ ৫৩ কেজিৰ মাষ্টাৰ শাখাত প্ৰথম স্হান ধনশিৰিৰ পলাশ কোঁৱৰ, দ্বিতীয় স্হান তিনিচুকীয়াৰ মুকেশ ম’লে দখল কৰিবলৈ সক্ষম হয় ৷ মহিলা শাখাৰ পদক বিজয়ী সকল ক্ৰমে ৪৩ কেজি কণিষ্ঠ শাখাত প্ৰথম শোণিতপূৰৰ কাঞ্চন বৰুৱা , দ্বিতীয় ধনশিৰিৰ চুমকী কূৰ্মীয়ে দখল কৰিবলৈ সক্ষম হয় আৰু ৪৩ কেজি জেষ্ঠ শাখাত ধনশিৰিৰ দেবীকা মুণ্ডাই প্ৰথম স্হান দখল কৰে অন্যহাতে ৪৭ কেজি জেষ্ঠ শাখাত ধনশিৰিৰ নিজৰা ওৱাৰী প্ৰথম আৰু শোণিতপূৰৰ ৰিংকী বৰাই দ্বিতীয় স্হান দখল কৰিবলৈ সক্ষম হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here