Home অসম ‘দৈনিক জনমভূমি’ৰ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক ছাইমন সিং হৰ-সন্তোষ কুমাৰ তপ্ন বঁটা...

‘দৈনিক জনমভূমি’ৰ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীক ছাইমন সিং হৰ-সন্তোষ কুমাৰ তপ্ন বঁটা প্ৰদান 

152
0

  DB LIVE মৰাণ কৰুণা ফুকন
  দৈনিক জনমভূমি কাকতৰ মৰাণৰ প্ৰতিনিধি, ‘আপকু’ৰ উপদেষ্টা, সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ প্ৰধান সম্পাদক, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক তথা বিশিষ্ট ক্ৰীড়া সংগঠক শোভিত কুমাৰ ছেত্ৰীলৈ 2018 বৰ্ষৰ সন্মানীয় ছাইমন সিং হৰ-সন্তোষ কুমাৰ তপ্ন বঁটা আগবঢ়োৱা হৈছে । চাহ জনগোষ্ঠীয় জাতীয় জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী ছেত্ৰীক এই বঁটা প্ৰদান কৰা হ’ব । আজি( ২৮ ডিচেম্বৰত) চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত হ’ব লগা অসম চাহ জনজাতি ছাত্ৰ সন্থা ( আটছা )ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ মুকলি সভাত ছেত্ৰীলৈ এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হ’ব বুলি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সাধাৰণ সম্পাদক পৱন বেদিয়াই জনাইছে ।

উল্লেখ্যযোগ্য যে বিগত তিনিটা দশক ধৰি সংবাদসেৱা আৰু সাহিত্য চচ্চাত একনিষ্ঠভাবে আত্মনিয়োগ কৰা ছেত্ৰীয়ে সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ প্ৰধান সম্পাদকৰূপে সেৱা আগবঢ়োৱাৰ লগতে অৱহেলিত চাহ জনগোষ্ঠীয় সমাজত জন সচেতনতা অনাৰ বাবে গ্ৰন্থ প্ৰকাশ , বক্তৃতানুষ্ঠান, শিল্পী-সাহিত্যিকৰ পৰিয়াললৈ সম্বৰ্ধনা-সাহাৰ্য প্ৰদানৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰাত আগভাগ লৈ আহিছে ।

মৰাণৰ পিয়লি নগৰ নিবাসী ছেত্ৰীয়ে অদ্যপৰিমিত ১৫৩ খনকৈ বিভিন্ন ধৰনৰ গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ উপৰিও সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, কনক চন্দ্ৰ শৰ্মা বঁটা, দত্তদেৱ গোস্বামী গ্ৰাম্য সাংবাদিকতা বঁটা , ৰবীন মৰাণ সাংবাদিকতা বঁটা, কমলা শইকীয়া সাংবাদিকতা বঁটাকে ধৰি ১৪ টাকৈ বঁটাও লাভ কৰিছে ।

২০১৩ বৰ্ষত নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডু চহৰত ভাৰত-নেপাল মৈত্ৰী বঁটাও ছেত্ৰীক প্ৰদান কৰা হৈছিল । ছেত্ৰীক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰাত সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ সভাপতি নকুল চাওৰা, কাৰ্যকৰি সভাপতি অধ্যাপক আত্মাৰাম কুমাৰ, সহকাৰী সম্পাদক মন্টু বাঢ়ৈ আৰু প্ৰচাৰ সম্পাদক জিতৰাম তাঁতীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে বঁটা প্ৰাপকক । আনহাতে  ‘আটছা’ মৰাণ শাখাৰ সম্পাদক মহাত্মা চ’না আৰু মাহমৰা শাখাৰ সম্পাদক মানৱ বাক্তিয়েও ছেত্ৰীলৈ অভিনন্দন জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here