Home মুখ্য পৃষ্ঠা ধুবুৰীত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সাংবাদিক সুৰক্ষা মঞ্চ,অসমৰ “ৰাষ্ট্ৰীয় প্ৰেছ...

ধুবুৰীত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সাংবাদিক সুৰক্ষা মঞ্চ,অসমৰ “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” উদযাপন

157
0

ধুবুৰীত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সাংবাদিক সুৰক্ষা মঞ্চ,অসমৰ “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” উদযাপন
——————————————-
স্বচ্ছতা বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ, জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান ৷
≅≅≅≅≅≅≅≅≅≅≅

দৈনন্দিন বাৰ্তাLIVE @প্ৰতিবেদক(ছফিকুল ইছলাম)ধৰ্মশালা, ১৭ নৱেম্বৰ : সমগ্ৰ দেশতে স্বচ্ছ ভাৰত মিছন কাৰ্যসূচীৰ ৰূপায়নত থকা ভূল-ত্ৰুটি আঙুলিয়াই দিয়াৰ উপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনমত গঠনত আগভাগলৈ সাংবাদিকে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ যোৱাকালি জাতীয় প্ৰেছ দিৱস উপলক্ষে ধুবুৰীৰ আৱৰ্ত্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত “স্বচ্ছ ভাৰত মিছনৰ সফলতাত সংবাদ মাধ্যমৰ ভূমিকা” বিষয়ক আলোচনা চক্ৰ এখনৰ উদ্বোধন কৰি দিয়া ভাষণত জিলা উন্নয়ন আয়ুক্ত মামুদ হাচানে এইদৰে কয় ৷ প্ৰবীন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ভূৱন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মূখ্য বক্তা হিচাবে ভাষণ দিয়ে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন সাংবাদিক গিৰীন্দ্ৰ নাথ গোস্বামীয়ে ৷ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জনস্বাস্থ্য কাৰিকৰী বিভাগ, নেহেৰু যুব কেন্দ্ৰ আৰু সাংবাদিক সুৰক্ষা মঞ্চ,অসমৰ ধুবুৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা হিতেশ ডেকা আৰু জিলা স্বচ্ছ ভাৰত মিছনৰ নোডেল বিষয়া পৰাগমণি বৰায়ো ভাষণ দিয়ে ৷ আলোচনাৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ৷ প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি এইবাৰ ‘দি চেন্টিনেল‘ আৰু ‘দৈনিক পূৰ্বোদয়’ কাকতৰ সাংবাদিক বিজয় কুমাৰ শৰ্মাক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে জিলা জনসংযোগ বিভাগৰ তৰফৰ পৰা যোৱা বছৰৰ পৰা এই বঁটা প্ৰৱৰ্ত্তন কৰা হৈছে ৷য’ত সততা,দক্ষতা,দায়বদ্ধতা আৰু নিৰৱচ্ছিন্নতাৰ ভিত্তিত এজন জেষ্ঠ সাংবাদিকক মানপত্ৰ,শঁৰাই আৰু ফুলাম গামোছাৰে বিশেষ সম্বৰ্দ্ধনা প্ৰদান কৰা হয় ৷ সভাত স্থানীয় যথেষ্ট সংখ্যক সাংবাদিকৰ উপৰি জেষ্ঠ নাগৰিক, বিষয়া আদি উপস্থিত থাকে ৷ সাংবাদিক সুৰক্ষা মঞ্চৰ ধুবুৰী জিলা সম্পাদক ছায়েদ আলী খানে শলাগৰ শঁৰাই আগবঢ়োৱাৰ উপৰি জেষ্ঠ সাংবাদিক সকলক সম্বৰ্দ্ধনা জনায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here