Home মুখ্য পৃষ্ঠা আকৌ নতুন প্ৰভাত হ’ব

আকৌ নতুন প্ৰভাত হ’ব

291
0
Young girl buying bouque on the eve of new year in Guwahati on 31-12-18.pix by ub photos

বিপিন শইকীয়া
জীৱন আৰু জীৱিকা, মাত আৰু মাটি, ভাত আৰু ভেটি সকলোতে যেন কালৰাত্ৰি, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, যেন অন্তহীন বিষাদগাঁথা। শুভ দিনৰ নিৰন্তৰ আশা কৰি কৰি সন্মুখত হতাশাৰ ৰিঙা ৰিঙা উদং পথাৰ।

উদং পথাৰ, একা-বেকা আলি গৰকি এক নতুন প্ৰভাতী ৰশ্মি গালে মুখে মুখে পৰিছে, ৰঙীন সুৰুযৰ। এক নতুন প্ৰভাত। এক প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰ যেন উন্মোচন।

আশা এয়ে যেন কালৰাত্ৰি আৰু নাথাকে, আকাংক্ষা এয়ে যেন এই নতুন দিনৰ নতুন প্ৰভাতে এক ঐশ্বৰ্য আৰু প্ৰাচুৰ্য্যৰ নতুন দিগন্তৰ সূচনা কৰে। দিনবোৰ হওঁক শান্তিময়, আনন্দময়, উৎসৱময়। জীৱনবোৰ হওঁক স্নেহময়, প্ৰাণময়, প্ৰেমময়। দেশ আৰু জাতি হওঁক গতি আৰু প্ৰগতিৰে বিশ্ববিজয়ী নজোৱান।
সকলোলৈকে অফুৰন্ত শুভকামনা।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here