Home অসম চিনেমা জগত ২০১৮

চিনেমা জগত ২০১৮

248
0

দিলীপ কুমাৰ বৰুৱা
আজিৰ পিছতেই মাত্ৰ কেইঘণ্টামানৰ ব্যৱধানত আমি এটা বছৰ হেৰুৱাম আৰু নতুন বছৰ এটাক আদৰিম। পুৰণা বছৰটোত আমাৰ সংস্কৃতিৰ জগতখনতো কিছুমান পালো আৰু কিছুমান হেৰুৱালো। তাৰে কিছুমান বৰ জটিল বিষয়ো পাৰ কৰিলো। বিসেষকৈ চিনেমাৰ ক্ষেত্ৰত। ২০১৮ বছৰটোত অসমৰ চিত্ৰগৃহলৈ অহা চিনেমা, ভিডিঅ’ চিনেমা একাকাৰ হৈ আহিল। যাৰ মন যায় তেওঁলোকে চিনেমা ফ্লৰলৈ নিছে, চিত্ৰগৃহলৈ নিছে।

এনেবোৰ খেলিমেলিৰে বছৰটো পাৰ হৈ গ’ল। তৎসত্ত্বেও বছৰটোত ভাল চিনেমাই ভাল ব্যৱসায় কৰা বুলিয়েই ক’ব লাগিব। উল্লেখনীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত চিনেমাই চৰ্চা লাভ কৰিছে। ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বাবে অস্কাৰৰ দৌৰত স্থান লাভ কৰিছে। লগতে বাতৰিত প্ৰকাশ পোৱা মতে ২০ লাখ টকাৰ বাজেটৰ ছবিখনে অসমৰ ৮০ লাখ টকাৰো বেছি ব্যৱসায় কৰিছে।

ৰীমা দাসৰ সফল ছবিখনৰ দৰে হীমজ্যোতি তালুকদাৰৰ ‘কেলেণ্ডাৰ’ নামৰ ছবিখনেও সফলতা আনিছে। এই দুখনৰ বাদেও ‘ছাছ পেণ্ডছ’ ইন্সপেক্টৰ বড়ো আদি আছে, ৰাণা ৰিটাৰ্ণ, দ্যা আণ্ডাৰৱৰ্ল্ড, তুমি মোক ফাঁকি দিলা, লীলাৰ পৰা লেইলালৈ, ধম ধমা ধম, তোৰ মোৰ ফকটীয়া লাভষ্টৰী, ক্ৰোধ, তাণ্ড অফ পাণ্ডৱ, ৰক্তবীজ, সন্ধিক্ষণ, অজানিতে মনে মনে, মাৰ্কশ্বিট, টেট, নিজানৰ গান, শৈশৱৰ ধেমালীতে, সঁচা প্ৰেম নামৰ ছবিকেইখনৰ ব্যৱসায় কম হ’লেও যোৱা বছৰটোত এইকেইখন ছবিৰ দৰ্শকে চাই বৰ বেছি নিৰাশ হোৱা নাই।

কিন্তু ২০১৭ চনৰ ছবিখেইখনৰ ভিতৰত ২০১৮ ৰ ছবিকেইখনে দৰ্শকক আমোদ দিব পাৰিছে। কিন্তু তাৰকাসকলৰ ক্ষেতত এই জগতখনে গুৰুত্বহীনৰেই পৰিচয় দিছে। যাৰ কাৰণে শিল্পীৰ ক্ষেত্ৰত বিশেষ ভাল বুলি ক’ব নোৱাৰি। তৎসত্ত্বেও অসমীয়া ছবিৰ দৰ্শকৰ বাবে এই যাত্ৰা শুভই আছিল। দৰ্শকক আমোদ দিব পৰা ছবিৰ পয়োভৰ হ’বলৈ বহু যোজনা বাকী। এই ক্ষেত্ৰত চৰকাৰ আৰু দৰ্শকৰ সঁহাৰিয়ে চিনেমা জগতখন নতুন বছৰত উজ্বলাই তুলিব পাৰি বুলি আশা কৰিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here