Home মুখ্য পৃষ্ঠা ৭০/৭০ সম্ভাৱনা !

৭০/৭০ সম্ভাৱনা !

48
0

সমুজ্জ্বল বৰা
নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ক প্ৰতিৰোধৰ অৰ্থে বৰ্ষটোৰ শেষৰফালে ৭০ জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হোৱাটো ’১৮ ৰ আটাইতকৈ ইতিবাচক কথা। ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৩০ জনগোষ্ঠীয় সংগঠনে দীৰ্ঘ সময় ধৰি ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত মাত মাতি আহিছে। নাগৰিকত্ব বিধেয়কখনক লৈও আছু আৰু ৩০ টা সংগঠনৰ ভূমিকা অপৰিসীম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ নেতৃত্বত ৭০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ ভূমিকা চিৰস্মৰণীয় হৈ থাকিব।
পূৰ্বেও নদীবান্ধ বিৰোধী আন্দোলনত ৰাজ্যৰ সংগঠনসমূহ একত্ৰিত হৈ প্ৰৱল প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল। কিন্তু চলিত বৰ্ষটোত বিধেয়কখনৰ বিৰুদ্ধে সংগঠনসমূহ এটাও বাকী নথকাকৈ একত্ৰিত হোৱাটোৱে ৰাজ্যখনৰ বাবে সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই আনিছে।
নাগৰিকত্ব বিধেয়কখনৰ যোগফল বা বিয়োগফলক একাষৰীয়াকৈ ৰাখি ইংৰাজী নৱবৰ্ষৰ শুভ লগণত এই ৭০ আৰু ৩০ টা সংগঠনে কঢ়িয়াই অনা সম্ভাৱনাৰ কথা কেইটামান ক’বলৈ খুজিছোঁ। অৱশ্যে এয়া কোনো নতুন সম্ভাৱনা নহয়। এই সংগঠনসমূহে পূৰ্বৰে পৰা কেতবোৰ ক্ষেত্ৰত মনোনিৱেশ কৰি আহিছে। ইয়াক ৰাজ্যবাসীয়ে উচ্চ প্ৰশংসাও কৰিছে। শেহতীয়াকৈ সংগঠনসমূহৰ পুনৰ একত্ৰীকৰণৰ বাবেহে পুনৰাই সম্ভাৱনাৰ কথা উত্থাপন কৰিছো।
পূৰ্বে ৰাজ্যৰ সংগঠনসমূহৰ মাজত মিল নাই বুলি বহুতে কৈ আহিছিল। ছাত্ৰ সংগঠনক লৈও বহুতেই বহু প্ৰশ্ন তোলে। ধনদাবী কৰাৰ অভিযোগো দীৰ্ঘদিনীয়া। কিন্তু সাম্প্ৰতিক সময়ত ৰাজ্যৰ সংগঠনসমূহ একেখন মঞ্চতে আছে। মঞ্চত কাৰোৰে প্ৰতি কোনেও অসন্তুষ্ট নহয়। ৰাজ্যৰ সমস্যা যি সকলোৱে বুজি উঠিছে। নেতৃত্বৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাইছে। কিবা আসোঁৱাহ থাকিলে ভিতৰতেই ঠিক লাগিছে। প্ৰকাশ্যে অসন্তোষ কোনোৱে কৰা নাই।
ক’বলৈ বিচৰা কথাটো হ’ল উল্লেখিত ৭০ আৰু ৩০ টা সংগঠনে তেওঁলোকৰ বিৰুদ্ধে থকা শ্ৰম নকৰাৰ অভিযোগ মিছা বুলি প্ৰতিপন্ন কৰক। সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়াকৈ কণী উৎপাদনৰ সৈতে জড়িত হৈ পৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও নতুন পৰিকল্পনাৰ কথা সংবাদ মাধ্যমত কৈছে। নক’লেও হ’ব যে এই সংগঠনসমূহৰ বহু কেইজন নেতা ব্যৱসায়-বাণিজ্য, ঠিকা-ঠুকলি কৰি স্বাৱলম্বী হোৱাৰ লগতে ১০ জনকো কৰ্ম সংস্থাপন প্ৰদান কৰিছে। কিন্তু প্ৰশ্নটো হ’ল প্ৰতিটো সংগঠনে আজি তেনে সিদ্ধান্ত গ্ৰহণ কৰিছেনে·
মূল্যবৃদ্ধিৰ সময়ত, মধ্যভোগীৰ দৌৰাত্ম্যৰ পৰা কৃষকক সকাহ দিয়াৰ অৰ্থে কৃষক মুক্তিয়ে সময়ে সময়ে দোকান খুলি আহিছে। ছাত্ৰ সন্থায়ো দুবাৰমান তেনে কৰিছিল। সেয়ে আগন্তুক নৱ বৰ্ষটোত এই সংগঠনসমূহে স্থায়ীবাৱে কিবা এটা সংকল্প গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। গোটেই সংগঠনসমূহ বৰ্তমানে একত্ৰিত হৈ থকাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ এয়ে উপযুক্ত সময়ো।
ৰাজ্যৰ সংগঠনসমূহে স’ততে অবৈধ বাংলাদেশীক হাতে নামাৰি, ভাতে মৰাৰ হুংকাৰ প্ৰদান কৰি আহিছে। এনে দৃষ্টিকোণৰে শ্ৰমৰ জৰিয়তে যাতে ঘৰুৱা বজাৰখন ৰাজ্যৰ সংগঠনসমূহৰ হাততে থাকে, সেই ক্ষেত্ৰত আগবাঢ়িব লাগে।
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে নিবনুৱা সমস্যাই ভয়াবহৰূপ ধাৰণ কৰিছে। সংগঠনসমূহে এনে কৰিলে উঠি অহা চামে অধিক উৎসাহ পাব। সকলোৰে এটা কথা অৱগত যে ৰাজ্যৰ সংগঠনসমূহৰ বহুকেইজন নেতা উচ্চ শিক্ষিত। সেয়ে তেওঁলোকে এই বাট মোকলাই দিলে বৰ্তমানে পঢ়ি থকাসকলেও ভৱিষ্যতে চৰকাৰী চাকৰিলৈল হাবিয়াস নকৰি, সংগঠনত যোগদানৰে কৰ্মযজ্ঞত জঁপিয়াই পৰিবলৈ মন মেলিব। উল্লেখ কৰাৰ প্ৰয়োজন আছে যে এই সংগঠনসমূহে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। সংগঠনসমূহৰ মাজত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোবোৰ আছে। সেয়ে কিবা এটা কৰো বুলি ভাবিলে অন্য লোকৰ প্ৰয়োজনীয়তাৰ কথা নিশ্চয় নাহে। বৰ্তমান সময়ত চৰকাৰী চাকৰি নাপায় উচ্চ শিক্ষিত যুৱকে কৃষি-কাৰ্য তথা ব্যৱসায়ত আত্মনিয়োগ কৰাৰ বাতৰি সময়ে সময়ে শুনিবলৈ পোৱা যায়। কিন্তু ছাত্ৰাৱস্থাতে কৃষক হ’বলৈ কোনোৱে ইচ্ছা প্ৰকাশ নকৰে। কিন্তু এই প্ৰৱণতা ৰোধ কৰিবলৈ ৰাজ্যৰ সংগঠনসমূহে সাম্প্ৰতিক সময়ত বহুখিনি আগবাঢ়ি যোৱাৰ সম্ভাৱনা ফুটি উঠিছে।
এইটো কথা অনস্বীকাৰ্য যে ৰাজ্যৰ সংগঠনসমূহে শেহতীয়াকৈ কৰা আন্দোলন কেৱল ৰাজ্যত সীমাবদ্ধ থকা নাই। ৰাষ্ট্ৰীয় ৰাজধানীকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলতো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দেশৰ প্ৰান্তে প্ৰান্তে আন্দোলনৰ কথা বিয়পি পৰিছে। অসম আন্দোলনৰ পুনৰাবৃত্তি হোৱাৰ উপক্ৰম হোৱা বুলি বহুতেই মত প্ৰকাশ কৰিছে। ৰজাঘৰ, প্ৰজাঘৰ সকলোৱে আন্দোলনত কম্পমান হৈছে। অসম আন্দোলন নেদেখাসকলে শেহতীয়া আন্দোলন দেখি অনুমান কৰিব পাৰিছে। সেয়ে সংগঠনসমূহে সমন্বিতভাৱে উপৰিউক্ত কথাসমূহত মনোনিবেশ কৰিব পাৰিলে অসমীয়া তথা খিলঞ্জীয়াৰ অৰ্থনৈতিক স্বাধিকাৰে হাততে থকাৰ লগতে সামাজিক জীৱনতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here