Home অসম তিনি সপ্তাহেও সন্ধান নোলাল নাজিৰা গেলেকীৰ অপহৃত এহাল কিশোৰ-কিশোৰী

তিনি সপ্তাহেও সন্ধান নোলাল নাজিৰা গেলেকীৰ অপহৃত এহাল কিশোৰ-কিশোৰী

242
0

দৈনন্দিন বাৰ্তা লাইভ, দিলীপ হাজৰিকা, নাজিৰাঃ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত গেলেকী চাৰিআলিৰ বিহাৰী সম্প্ৰদায়ৰ এটা পৰিয়ালৰ এহাল কিশোৰ-কিশোৰী অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি গেলেকী অঞ্চলৰ লগতে সমগ্ৰ নাজিৰা মহকুমাটোত আলোড়ন সৃষ্টি হৈছে। জানিব পৰা মতে , পৰিয়ালটোৰ মূৰব্বী লালবাবু গোসাই এন আৰ চিৰ সংক্ৰান্তত বিহাৰলৈ বুলি যোৱা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই গৈছিল ।

সেই সময়ছোৱাতে গেলেকী চাৰিআলিস্থিত পৰিয়ালটোৰ ঘৰত তিনিজন বিহাৰী সম্প্ৰদায়ৰ যুৱক উপস্থিত হয় আৰু তাৰেই এজন যুৱকে পৰিয়ালটোৰ ভাগিন সম্পৰ্কীয় পৰিচয় দিয়ে লালবাবুৰ পত্নীক । তেনেদৰে যুৱক তিনিজনে গেলেকীৰ ঘৰটোত দুদিন কটোৱাৰ পাছত শিমলুগুৰিত ফুৰিবলৈ যাওঁ বুলি লালবাবুৰ ১২ বছৰীয়া কন্যা মুনী গোসাই আৰু ৯ বছৰীয়া আকাশ গোসাইকো যুৱক তিনিজনে লগত লৈ যায় । পিছত যুৱককেইজনে শিৱসাগৰলৈ ৰাওনা হয় আৰু শিৱসাগৰৰ পৰা লখিমপুৰলৈ বুলি কিশোৰ-কিশোৰীহালক লৈ বাছেৰে যাত্ৰা কৰে ।

কেইবাদিনো মুনী আৰু আকাশ ঘৰলৈ নহাত আৰু যুৱক তিনিজনৰো কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ কাৰ লাগে । পাছত লালবাবুয়ে এই খবৰ পাই বিহাৰৰ পৰা তৎক্ষণাত গেলেকীলৈ বুলি প্ৰত্যাৱৰ্তন কৰে । যোৱা ২৬ ডিচেম্বৰত পত্নীক লগত লৈ লালবাবু লখিমপুৰলৈ বুলি ৰাওনা হয় । ইয়াৰ পূৰ্বে লাল বাবুয়ে গেলেকী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আৰু গেলেকী আৰক্ষী থানাৰ উপৰি লখিমপুৰ আৰক্ষী থানা তথা সম্ভাৱনা থকা আৰক্ষী থানা সমূহত এই ঘটনাক অপহৰণ বুলি জনোৱাত ২৭ ডিচেম্বৰত তেজপুৰৰ জামুগুৰিত আৰক্ষীয়ে সন্দহবশত: অপহৰণকাৰী যুৱক তিনিজনৰ এজনক আটক কৰে যদিও আন দুজন অপহৰণকাৰী মুনী আৰু আকাশক লৈ পলায়ণ কৰিবলৈ সক্ষম হয় ।

ইফালে বৰ্তমানেও আৰক্ষীয়ে আন দুটা অপহৰণকাৰীক কৰায়ত্ত কৰিব পৰা নাই আৰু কিশোৰ-কিশোৰী হালৰো কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে লালবাবুয়ে পত্নীক লগতলৈ অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাই থানাই পুত্ৰ-কন্যাৰ সন্ধান বিচাৰি এই পৰ্যন্ত কোনো সম্ভেদ নোপোৱাত পৰিয়ালটো সম্প্ৰতি হতাশাত ভাঙি পৰিছে। আনহাতে প্ৰায় তিনি সপ্তাহ অতিক্ৰম হোৱাৰ পিছতো আৰক্ষীয়ে আন দুটা অপহৰণকাৰী আৰু কিশোৰ-কিশোৰী হালৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত তথা আৰক্ষীৰ নিস্কৃয়তাক লৈ উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ জনগণ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here