Home মুখ্য পৃষ্ঠা ইংৰাজী নৱ বৰ্ষত লোকে লোকাৰণ্য দেওপানী আৰু ধনশিৰিনদীৰ দুয়োপাৰ

ইংৰাজী নৱ বৰ্ষত লোকে লোকাৰণ্য দেওপানী আৰু ধনশিৰিনদীৰ দুয়োপাৰ

276
0

দৈনন্দিন বাৰ্তা লাইভ, দিগন্ত মহন্ত,দেওপানীঃ মানৱ সভ্যতাত সময়ৰ জোখেৰে এটি পুৰনি বৰ্ষক বিদাই জনাই নতুন বৰ্ষটিক আদৰি লোৱাৰ ব্যস্ততাৰে চৌদিশে ছলি থকা ধামখুমীয়াৰ হালাবুলৰ মাজতে চিৰ সেউজ কাৰ্বি আংলংৰ শিলনীজান ৰাজহ চক্ৰৰ অন্তৰ্গত দেওপানী গাৱঁৰ মাজেৰে বৈ যোৱা অসমৰ সবাতোকৈ একাবেঁকা নৈ আৰু দেওলগা বুলি অভিহিত দেওপানী নৈৰ দুয়ো পাৰ ভৰি পৰিছে বিভিন্ন ঠাইৰ পৰা বন ভোজ খাবলৈ অহা দল সমূহেৰে ৷

লগতে দেওপানীৰ ঐতিহাসিক শক্তিপীঠ মা দুৰ্গা মন্দিৰটো এটি সেৱা জনাবলৈ অহা অগণন দৰ্শনাৰ্থীৰে বিৰতি বাট নোপোৱাৰ পৰিলক্ষিত হৈছে ৷ প্ৰতিজন দৰ্শনাৰ্থীয়ে বছৰ টো আৰম্ভণিতে মা দুৰ্গাৰ চৰণত শৰনাপন্ন হৈ আশিস বিছাৰিছে সকলোবোৰ দুখঃ দুৰ্দশা আতৰ হৈ শান্তি সমৃদ্ধিৰে অনাগত দিন বোৰ ভৰি পৰক ৷ আনহাতে দুয়ো খন নদীৰ পাৰ ভৰি পৰিছে ব্যস্ততাৰ সময় বোৰক একাষৰীয়া কৰি ক্ষন্তেকৰ বাবে আনন্দত মতলীয়া হবলৈ ধপলিয়াই অহা সুন্দৰ মানুহ খিনিৰে ৷

সকলোৰে এটাই আশা নতুন বৰ্ষ টি নিজৰ প্ৰিয় লোক সকলৰ লগত এপলক হাঁহি ফুৰ্তিৰ মাজেৰে নতুনক আদৰি লোৱাৰ ৷ এইকেইদিন নদীৰ বালিত পৰিৰোৱা অজস্ৰ জনৰ খোজ বোৰে কিছু দিনলৈ সমপ্ৰীতিৰ এনাজৰীডাল বহন কৰি থাকিব ৷ এই সুযোগতে আমিও দেওপানী বাসীৰ হৈ সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে মন বোৰ নৈৰ দৰে নিৰ বিছিন্ন আৰু পানীৰ দৰে স্বচ্ছ হওক সুন্দৰ হওক তাৰ কামনাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here