Home মুখ্য পৃষ্ঠা বিলপথাৰ প্ৰাথমিক বিদ্যালয় ৬৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন

বিলপথাৰ প্ৰাথমিক বিদ্যালয় ৬৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন

285
0

দৈনন্দিন বাৰ্তা লাইভ, ধনশিৰিঃনৱবৰ্ষৰ প্ৰথম দিনটোতে ধনশিৰি মহকুমাৰ বিলপথাৰত অৱস্হিত বিলপথাৰ প্ৰাথমিক বিদ্যালয়খনিৰ ৬৮ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ দিনা কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ গগৈয়ে ৷ স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন তৰে নাওঁজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য মানিক সন্দিকৈয়ে ৷ উক্ত কাৰ্যসূচীত প্ৰাক্তন অধক্ষ্য গৰাকীয়ে বিলপথাৰ প্ৰাথমিক বিদ্যালয়খনি প্ৰতিস্হা কৰাত যিসকল মহান ব্যক্তিৰ ভুমিকা আছিল লগতে যিসকল ইহসংসাৰ ত্যাগ কৰিছে তেওঁলোৰক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেত সকলৰ প্ৰবিত্ৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে বিদ্যালয়খনিৰ ভবিষ্যত উজ্বল কামনা কৰে ৷

স্মৃতি তৰ্পন কাৰ্যসূচীৰ পিচতেই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অভিভাৱক আৰু অঞ্চবাসীৰ উপস্হিতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ সভাৰ উদেশ্য ব্যাখ্যাত বিদ্যালয়ৰে প্ৰধান শিক্ষক বলীন বৰাই বিদ্যালয়খনে ৬৮ বছৰত ভৰি দি গৌৰৱ উজ্বল কৰা আৰু বিদ্যালয়খনিৰ অতীত , বৰ্তমান আৰু ভবিষ্যত ৰোমহ্নন কৰাৰ উদেশ্যে সভাখনি আহ্বান কৰা হৈছে বুলি ব্যক্ত কৰে ৷

সভাত বিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় লোকেশ্বৰ বুঢ়াগোঁহাই , নৰেন কোঁৱৰ লগতে নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য মানিক সন্দিকৈয়ে বিদ্যালয়খনিৰ অতিতৰ বহু স্মৃতি ব্যক্ত কৰে আৰু সকলোকে বিদ্যালয়খনিৰ ভবিষ্যত উজ্বল কামনা কৰি ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰিবলৈ অহ্বান জনায় ৷ বিদ্যালয়খনিৰ ২০১৮ বৰ্ষত শ্ৰেণী অনুযায়ী কিতৃত্ব অৰ্জন কৰা পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সভাৰ শেষত বিদ্যালয়ৰে সহকাৰী শিক্ষয়ত্ৰী দীপামনি মহন্তই শলাগৰ শৰাই আগবঢ়ায় ৷ বিদ্যালয়খনে ৬৮ বছৰত ভৰি দিয়া বাবে সন্ধিয়ালৈ বিদ্যালয় প্ৰাঙ্গনত ৬৮ গছি বন্তিপ্ৰজ্বলন কৰা হয় ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here