Home মুখ্য পৃষ্ঠা লাকিলিৰ যুৱক সন্ধানহীনঃ আলফাত যোগদান কৰাৰ সন্দেহ

লাকিলিৰ যুৱক সন্ধানহীনঃ আলফাত যোগদান কৰাৰ সন্দেহ

270
0

দৈনন্দিন বাৰ্তা লাইভ,সাপেখাতীঃ
চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলীৰ গাঁৱৰ শিক্ষিত যুৱক শিক্ষক কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ পুত্ৰ অৰুণাভ গগৈ বিগত ১৮ ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে ।

অৰুণাভে মেট্ৰিকত ষ্টাৰ মাৰ্ক সহ প্ৰথম, উচ্চতৰত দুখন লেটাৰসহ প্ৰথম বিভাগত, বি এ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ । শেষতীয়াকৈ যোৰহাট জে বিৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ জানিব পৰা মতে মৰাণস্থিত অৰুণাভৰ আত্মীয় ঘৰৰ পৰাই নিখোজ হৈছে। সন্ধানহীন পুত্ৰক বিচাৰি। শোকত ভাগি পৰিছে পিতৃ মাতৃৰ লগতে গাঁওবাসী।

আলফালৈ যোৱাৰ সন্দেহৰ সন্দৰ্ভত সেনা আৰক্ষীয়ে অবগত কৰাৰ পাছতহে ২৯ ডিচেম্বৰ তাৰিখে চৰাইপুং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । সমান্তৰাল ভাৱে আৰক্ষী প্ৰশাসনৰ লগতে পৰিয়ালৰ লোকে অৰুণাভ গগৈ সংযুক্ত মুক্তি বাহিনী অসমত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে পিতৃ মাতৃ তথা পৰিয়ালে অৰুণাভক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰে আহ্বান জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here