Home মুখ্য পৃষ্ঠা অসম আৰক্ষীৰ বিৰাজ শৰ্মালৈ ২০১৮ৰ মিষ্টাৰ অসমৰ সন্মান

অসম আৰক্ষীৰ বিৰাজ শৰ্মালৈ ২০১৮ৰ মিষ্টাৰ অসমৰ সন্মান

166
0

দৈনন্দিন বাৰ্তা লাইভ,নগাঁওঃ নগাঁৱৰ নেহেৰুবালিত অলপতে অনুষ্ঠিত অসম দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ অসমৰ খিতাপ লাভ কৰিছে ধেমাজিৰ যুৱক তথা অসম আৰক্ষীৰ কৰ্মচাৰী বিৰাজ কুমাৰ শৰ্মাই।

উল্লেখযোগ্য যে অসম শৰীৰচৰ্চা আৰু ভাৰোত্তলন সংস্থাৰ নগাঁও জিলাৰ সম্পাদক মনোজ কুমাৰ শইকীয়াই বিগত ৩বছৰ ধৰি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱপ্ৰজন্মক উদ্ধাৰ কৰাৰ বাবে শৰীৰচৰ্চাৰ দিশত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

আনহাতে বিগত সময়ছোৱাত সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন ভাৱে বাতৰি পৰিৱেশন কৰাৰ বাবে বৈদুৎতিন মাধ্যমৰ সাংবাদিক নীলোৎপল বৰাকো সম্বৰ্ধনা জনোৱা হয়। বটা প্ৰদান অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ, প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here