Home অসম সোণাৰিত ৭০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

সোণাৰিত ৭০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

129
0

দৈনন্দিন বাৰ্তা লাইভ,সোণাৰিঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন(২০১৬) বাতিলৰ দাবীত আজি সোণাৰিতো ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।
উল্লেখ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিগত সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ অসমৰ লগতে ৰাজ্যখনৰ। ৭০ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন কেন্দ্র চৰকাৰে অসমৰ দল-সংগঠনৰ লগতে জনসাধাৰণক উপহাস কৰি জাতিধ্বংসী কাৰ্যত লিপ্ত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here