Home অসম জেপিচিৰ সিদ্ধান্ত একপক্ষীয়ঃ শীঘ্ৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অগপই

জেপিচিৰ সিদ্ধান্ত একপক্ষীয়ঃ শীঘ্ৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অগপই

109
0

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত আমি আশ্বস্ত নহয়ঃ অতুল বৰা
নিউজ ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰাত আৰু অসম চুক্তিৰ ছয় নং দফাৰ ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ সম্পৰ্কত আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জেপিচিৰ সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আজি দলটোৰ জ্যেষ্ঠ নেতাসকল আৰু বিধায়িনী দলৰ সুকীয়া সুকীয়া সভাৰ অন্তত এক সংবাদমেলত সভাপতি বৰাই কয় যে জেপিচিয়ে একপক্ষীয়ভাৱে অসমৰ জনমতক আওকান কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে।

জেপিচি গঠনৰ পূৰ্বৰে পৰা অসম গণ পৰিষদ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু বিভিন্ন সময়ত জেপিচিৰ অধ্যক্ষকে ধৰি সদস্যসকল আৰু দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধীত কৰিবলৈ আহবান জনাইছিল। দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰীকো সাক্ষাৎ কৰি দলৰ তৰফৰ পৰা বিধেয়কখনৰ বিৰোধীতা কৰা হৈছিল। যুটীয়া সংসদীয় সমিতি অসমলৈ আহোতে দলৰ তৰফৰ পৰা উজনি-নামনি, উত্তৰ অসমকে ধৰি সমগ্ৰ অসমৰে ৰাইজৰ মতামত ল’বলৈ অনুৰোধ জনোৱা হৈছিল। আৰু সমিতিয়ে পুনৰ অসম ভ্ৰমণ কৰাৰ কথাও ঘোষণা কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে জেপিচিয়ে একপক্ষীয়ভাৱে আৰু অসমৰ আংশিক লোকৰ মতামত লৈ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ জনমতক উপেক্ষা কৰিছে। অসম গণ পৰিষদ দলে বিধয়েকখনৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিৰ পৰা তিলমানো আঁতৰি অহা নাই আৰু নাহে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে কোনো কাৰণতে এনে সিদ্ধান্ত মানি লোৱা নহ’ব আৰু শেষ মুহূৰ্তলৈ যুঁজ দিব দলে। শীঘ্ৰে দলৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধীতা কৰিবলৈ আহবান জনাব। লগতে বিধেয়ক আৰু অসম চুক্তি সন্দৰ্ভতো অতি সোনকালে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা হ’ব বুলি জানিবলৈ দি বৰাই লগতে কয় যে কেন্দীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তই ৰাজ্যবাসীক আশ্বস্ত কৰিব পৰা নাই। ঐতিহাসিক অসম চুক্তিৰ ছয় নং দফাত সাংবিধানিক ৰক্ষা কৱচৰ কথা উল্লেখ আছে।

১৯৭১চনৰ পূৰ্বৰ লোকসকলক যিহেতু অসমত ৰখা কথা আছিল সেয়ে চুক্তিত সাংবিধানিক ৰক্ষা কৱচৰ কথা সন্নিৱিষ্ট আছিল। কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত উচ্চস্তৰীয় সমিতি গঠনৰ কথা কৈছে–এয়া আশ্বস্ত হ’ব পৰা নহয়। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাটোহে মূল কথা। সাংবিধানিক ৰক্ষা কৱচ দলে বিচাৰে। অসম চুক্তি নসাৎ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কে। অসম চুক্তি নসাৎ কৰা কোনো সিদ্ধান্ত অসম গণ পৰিষদ দলে মানি নলয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক কেন্দ্ৰীয় কেবিনেটে আকৌ এবাৰ আওকান কৰিলে। ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহবান জনাইছে। সংবাদমেলত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here