Home মুখ্য পৃষ্ঠা টানগাওঁত ট্ৰাকৰ খুন্দাত থিতাতে নিহত কিশোৰ

টানগাওঁত ট্ৰাকৰ খুন্দাত থিতাতে নিহত কিশোৰ

95
0

দৈনন্দিন বাৰ্তা লাইভ, হাটশিঙিমাৰীঃ নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে নব গঠিত দঃশালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১৫ কিঃমিঃ নিলগত কালাপানি থানাৰ অন্তৰ্গত টানগাওঁত কালি ট্ৰাকৰ খুন্দাত এগৰাকী কিশোৰ থিতাতে নিহত হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত এটা ট্ৰাকে কিশোৰ জনক খুন্দা মাৰে আৰু ততালিকে কিশোৰজনৰ থিতাতে মৃত্যু হয় । নিহত কিশোৰ জন কুমাৰগাতি গাঁওৰ গফুৰ আলীৰ পুত্ৰ শ্বাহিনুৰ ইছলাম(১২) হয় বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া কথা যে টানগাওঁ, পিপুলবাৰী, বৰবিলা আদি ঠাইত ৰাস্তাৰ কাষত দীৰ্ঘদিনৰ পৰা শিল, বল্ডাৰ জমা কৰি একাংশ বেপাৰীয়ে ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ কোনো কাণসাৰ নথকাত স্কুলৰ ছাত্ৰ-ছাত্ৰী, সৰ্ব সাধাৰণ ৰাইজ ৰাস্তাৰে অহা যোৱা কৰাত অসুবিধাত ভুগিবলগীয়া হৈছে আৰু যাৰ পৰিপেক্ষিতত এনেকুৱা শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্হানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে । ৰাস্তাৰ কাষত শিল, বল্ডাৰ জমা কৰি ৰখাৰ ফলত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ প্ৰতি প্ৰশাসন বা বৰ্তমানৰ বিজেপি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here