Home মুখ্য পৃষ্ঠা নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬”ৰ বিৰূদ্ধে বঙালীকে আদি কৰি অসমৰ প্ৰতিটো জাতি...

নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬”ৰ বিৰূদ্ধে বঙালীকে আদি কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন অসমীয়া ওলাই আহক আৰু মুখ্যমন্ত্ৰীয়ো পদত্যাগ কৰি ৰাইজৰ মাজলৈ আহক। এয়া সময়ৰ দাবী-আকছু

177
0

দৈনন্দিন বাৰ্তা লাইভ,ছাদিকুজ জামান,মোৰাঝাৰঃ
“পশ্ৰয় দিলে মূৰত উঠে” এই কথাষাৰ যুগে যুগে প্ৰমাণিত সত্য কথা। যিটো কথা অসমীয়াই বুজিবলৈ বহু পলম হল। অসমীয়াই সময়ে সময়ে বিদেশীক পশ্ৰয় দি আহিছে। ১৯৭১ চনৰ ২৪ মাৰ্চ লৈকে লক্ষ লক্ষ বিদেশী অসমত আহিছে, যি সকলক অসমীয়াই পশ্ৰয় দিছে। আজি সেই সকলেও ৭১ চনৰ ২৪ মাৰ্চৰ পিছৰ সকলকো নাগৰিকত্ব দিবলৈ দিল্লীৰ সহযোগত অসমীয়াৰ বিৰূদ্ধে আঙুলি টোঁৱাই কথা কব পৰা হৈছে।যিয়ে হওক, শেহতীয়াকৈ একাংশ বঙালী আৰু উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি য’ত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে সেই সকলৰ বাহিৰে প্ৰায় সৰহসংখ্যক অসমীয়া জাগি উঠিছে। এয়া জাতিটোৰ বাবে শুভ লক্ষণ। এই চেতনা অক্ষুন্ন ৰাখিব লাগিব। মনত ৰাখিব লাগিব যে অসমীয়া এটা জনগোষ্ঠী নাম নহয়। অসমত বসবাস কৰা বড়ো, কাৰ্বি, লালং, তিৱা, গাৰো, ৰাভা, আহোম, বঙালী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰিত পৰিক্ৰমাত গঠিত হৈছে বৃহত্তৰ অসমীয়া জাতি। নিৰ্দিষ্ট কোনো এটা জাতি বা জনগোষ্ঠী অকলে অসমীয়া নহয়। অসমীয়া কেৱল এটা বৃহৎ জাতিৰ নাম নহয়। অসমীয়া এটা সমন্বয়ৰ নাম, অসমীয়া এটা সম্প্ৰীতিৰ নাম, অসমীয়া এটা একতাৰ নাম। যিটো নামত বা পৰিচয়ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হয়। আৰু এই বৃহৎ অসমীয়া জাতিটো যি ডাল ৰছাত বান্ধ খাই আছে সেয়া হৈছে অসমীয়া ভাষা। এই অসমীয়া ভাষাটো জীয়াই থাকিলেহে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থাকিব সমন্বয়, ভাতৃ আৰু একাত্মবোধ। “নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬” গৃহীত হলে অসমে জনসংখ্যাৰ ভৰ সহিব নোৱাৰিব। অসমত অসমীয়া ভাষা নোহোৱা হ’ব। জনগোষ্ঠীয় সমন্বয়, ভাতৃত্ব নোহোৱা হ’ব। অসম আকৌ টুকুৰা টুকুৰ হ’ব। গতিকে “নাগৰিকত্ব সংশোধনী বিধায়ক – ২০১৬” ৰ বিৰূদ্ধে বঙালীকে আদি কৰি অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠীৰ প্ৰতিজন অসমীয়া ওলাই আহক। আৰু মুখ্যমন্ত্ৰীয়ো পদত্যাগ কৰি ৰাইজৰ মাজলৈ আহক। এয়া সময়ৰ দাবী। এনেদৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে আকছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইয়াহইয়া বৰভূঞাই জনায়|

LEAVE A REPLY

Please enter your comment!
Please enter your name here