Home অসম মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজিও ঘোষণা নোহোৱাত...

মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজিও ঘোষণা নোহোৱাত পাঁচজন ছাত্ৰ বহিল আমৰণ অনশনত

61
0

দৈনন্দিন বাৰ্তা লাইভ,মৰাণঃ
২০১৮ চনৰ ১২ ছেপ্তেম্বৰত মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল আজিও ঘোষণা নোহোৱাত আৰু মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ অনুষ্ঠিত নকৰা প্ৰতিবাদত মৰাণ মহাবিদ্যালয়ৰ পাঁচজন ছাত্ৰ বহিল আমৰণ অনশনত।

 

মৰাণ মহাবিদ্যালয়ত ২০১৮ চনৰ ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত পৰাজয় প্ৰাৰ্থীয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাত অদ্য পৰিমিত শুনানি নোহোৱাত মৰাণ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰীড়া,সাংস্কৃতিক,শাৰীৰিক আনকি শৈক্ষিক ক্ষেত্ৰতো উন্নয়নত বাধা প্ৰাচীৰ হৈ থিয় দিছে।

মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা লগতে অধ্যাপক-অধ্যাপিকা আৰু পৰিচালনা সমিতিৰ

অৰ্কম্যতা বাবে প্ৰত্যেক বছৰে মহাবিদ্যালয়খনত ছাত্ৰ একতা সভা নিৰ্বাচনত অৰাজকতাই বিৰাজ কৰে।

১২ ছেপ্তম্বৰত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত জয়ী পাঁচজন প্ৰাৰ্থী যোৱা ৭ জানুৱাৰী ৬ বজাৰ পৰা আমৰণ অনশনত বহা সভাপতি পদৰ প্ৰাৰ্থী প্ৰৱন গগৈ, সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী নয়নমণি শৰ্মা,আলোচনী সম্পাদক বাবুল গগৈ,ক্ৰীড়া সম্পাদক কমল কৃষ্ণ কাকতি আৰু প্ৰদ্যুৎ ফুকনৰ আমৰণ অনশনৰ সময় ৪৮ ঘন্টা  উকলি গ’ল যদিও অধ্যক্ষা গৰাকীয়ে কোনো ধৰণৰ আশ্বাস প্ৰদান নকৰা অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদীকেইজনে।

(ভিডিঅ’ জাৰ্নেলিষ্ট জিতুমণি ফুকনৰ সৈতে কৰুণা ফুকন)

LEAVE A REPLY

Please enter your comment!
Please enter your name here