Home অসম লখিমপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আটকাধীন সদৌ অসম চুতীয়া ছাত্র সন্থাৰ...

লখিমপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আটকাধীন সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা সহ সতীৰ্থ সকলক বিনাচৰ্তে মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট

140
0

দৈনন্দিন বাৰ্তা লাইভ,(জিয়াউল আলী)লখিমপুৰঃ

আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে জিলা সদৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷

উল্লেখ যে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠী সংগঠনে যোৱা মঙ্গলবাৰে নাগৰিকত্ব সংশোধনী আইন বাতীলৰ দাবীত আহ্বান জনোৱা অসম বন্ধত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা সহ সতীৰ্থ সকলক প্ৰৰোচনামূলক ভাৱে গোলাঘাট চহৰৰ পৰা গোলাঘাট আৰক্ষীয়ে আটক কৰে৷

উক্ত আটকআধীন সংগ্ৰামী সতীৰ্থসকলক বিনাচৰ্তে মুক্তিপনৰ দাবীত ,লগতে নাগৰিকত্ব সংশোধনী আইন বাতীলৰ দাবীত

লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা সদৰত (২) দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে জিলা উপযুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰৰ প্ৰেৰণ কৰি আহ্বান জনাই ৷ অন্যথা অনাগত দিনত ইয়াতকে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি কয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here