Home মুখ্য পৃষ্ঠা মুৰফুলনিত “সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি”ৰ ব্যাপক দুর্নীতি-কর্মচাৰীৰ গুণ্ডাগিৰিঃপ্ৰাণে মৰাৰ চেষ্টা

মুৰফুলনিত “সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি”ৰ ব্যাপক দুর্নীতি-কর্মচাৰীৰ গুণ্ডাগিৰিঃপ্ৰাণে মৰাৰ চেষ্টা

121
0

দৈনন্দিন বাৰ্তা লাইভ, মুৰফুলনিঃ গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত মুৰফুলনিৰ ফলঙনি বৰটানি অঞ্চলত বৃহস্পতিবাৰে এজন চৰকাৰী কর্মচাৰীক সৌভাগ্য বৈদ্যুতিকৰণ আঁচনিত কর্মৰত কেইজনমান কর্মচাৰীয়ে প্রাণে মৰাৰ চেষ্টা চলায় । জানিব পৰা মতে বৰটানি অঞ্চলত ‘সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি’ৰ ১ নং বালিজান অঞ্চলৰ বৈদ্যুতিক খুঁটাত তাঁৰ সংযোগৰ কাম চলি আছিল ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, বিদ্যুতৰ কাম চলি থকা সময়ত আধাকিলোমিটাৰ পর্যন্ত নীতি বহিঃর্ভুতভাৱে তাঁৰসমুহ বিশৃংখলভাৱে ৰাস্তাৰ মাজত পেলাই থোৱা হৈছিল । সেই সময়তে বালিজান শংকৰজ্যোতি হাইস্কুলৰ কর্মচাৰী প্রাঞ্জল দত্তই বিদ্যালয়ৰ প্রধান শিক্ষকৰ নির্দেশমর্মে গোলাঘাট পূব শিক্ষাখণ্ডৰ পৰা বিনামূলীয়া পাঠ্যপুথি সংগ্রহৰ বাবে নিজৰ বলেৰ’ গাড়ীৰে গৈ থাকোতে বিয়লি ১.৩০ মান বজাত তাঁৰসমূহৰ ওপৰেদি গাড়ী পাৰ কৰি নিওঁতে দুর্ভাগ্যক্রমে তাঁৰসমূহ চোঁচৰি যায় ।

লগে লগেই তাঁৰ সংযোগ হৈ থকা দুটা বৃহৎ পকী খুঁটা মুহুর্ততে টুকুৰা-টুকুৰকৈ ভাগি যায় । ফলত এজন কর্মচাৰীও আঘাতপ্রাপ্ত হয়। ইফালে বিদ্যালয়ৰ কর্মচাৰীজনক বিদ্যুতৰ কাম কৰি থকা কর্মচাৰীসকলে ৰখাই বুকুত শিল মৰাৰ লগতে মুখত উপর্যুপৰি প্রহাৰ কৰে । লগতে এডাল লোৰ অস্ত্রৰে মূৰত প্রহাৰ কৰিবলৈ লওঁতেই কোনোমতে প্রাঞ্জল দত্তই প্রাণৰক্ষা কৰে। অন্যহাতে ঘটনা সংঘটিত হোৱাৰ পাছতেই বিদ্যুতৰ কর্মচাৰীকেইটাই পলায়ন কৰে ।

পাছত স্থানীয় ৰাইজৰ সহযোগত দত্তৰ বিদ্যালয়ৰ শিক্ষকসকলে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিত্সালয়ত ভর্তি কৰায় । ইতিমধ্যে ঘটনা সন্দর্ভত প্রাঞ্জল দত্তই বগীজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে গোলাঘাটৰ জেবি ইলেকট্রিকেলছৰ বেনাৰত ‘সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি’ৰ ঠিকা লোৱা ৰিপুঞ্জ বৰাই অতি নিম্ন মানদণ্ডৰ বৈদ্যুতিক খুঁটা যোগান ধৰাৰ ফলতে দুটাকৈ বৃহৎ খুঁটা টুকুৰা-টুকুৰকৈ ভাগি যায় বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে।

লগতে দুর্নীতিমুক্ত অসম গঢ়িব খোজা চৰকাৰখনৰ এনে ঠিকাদাৰৰ কর্মকাণ্ডই সচেতন লোকসকলৰ চকু কপালত তোলাৰ উপৰিও কর্মচাৰীৰ গুণ্ডাগিৰি আৰু ঠিকাদাৰৰ দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here