Home অসম ৰূপাইৰ ৰঙাজানত হাতত গামোচা লৈ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ

ৰূপাইৰ ৰঙাজানত হাতত গামোচা লৈ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ

151
0

দৈনন্দিন বাৰ্তা লাইভ,দ্বীপেন লহকৰ,কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ৰূপাইৰ ৰঙাজানত স্থানীয় ৰাইজে হাতত গামোচা লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লোকসভাত বিধেয়কখন গৃহিত হোৱাৰ পিছত ৰাজ্যসভাত বিধেয়কখন উথাপন নহলেও অতি কৌশলগতভাৱে চৰকাৰখনে অাগন্তক সময়ত গৃহিত কৰাৰ সম্ভাবনা অাছে বুলু উল্লেখ কৰি ৰঙাজানবাসী ৰাইজে অাজি প্ৰতিবাদ সাব্যস্ত কৰে ৷

অঞ্চলটোৰ ৰাইজে বিজেপি চৰকাৰক অনতিপলমে বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে অন্যথা হব পৰা যিকিনো পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দায়ী হব বুলি জানিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here