Home অসম বিলাসীপাৰা উকীল সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২ ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট

বিলাসীপাৰা উকীল সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২ ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট

276
0

দৈনন্দিন বাৰ্তা লাইভ,(জহিৰুল ইছলাম)বিলাসীপাৰাঃ
সদৌ অসম উকীল সন্হাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰাৰ দাবীত ২ ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসুচী অনুসৰি পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাত লৈ বিলাসীপাৰা উকীল সন্থা কাৰ্যালয় প্ৰাঙ্গণত প্ৰতিকী ধৰ্মঘট পালন কৰে। বিলাসীপাৰা উকীল সন্থাৰ সকলো উকীলে উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবী জনায়।

অন্যথা ইয়াত কৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি বিলাসীপাৰা উকীল সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here