Home অসম গহপুৰত আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতা সমাপ্ত।ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনে উৎসাহিত কৰিলে উপস্থিত অতিথি বৃন্দক

গহপুৰত আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতা সমাপ্ত।ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনে উৎসাহিত কৰিলে উপস্থিত অতিথি বৃন্দক

83
0

দৈনন্দিন বাৰ্তা লাইভ,গহপুৰঃ

শিশু হৈছে ধৰণীৰ সম্পদ। এই সম্পদ সমূহক স্কুলীয়া সময়ছোৱাত সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে সম্পৰ্কিত কৰি এগৰাকী শিশু অথবা ছাত্ৰক গঢ়ি তোলাৰ দায়িত্ব শিক্ষক সমাজৰ। সেই উদেশ্যে আজি গহপুৰ ছোৱালী হাইস্কুলত দিনৰ ১১ বজাৰ পৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,পূৱছয়দুৱাৰ খণ্ডৰ উদ্যােগত আৰু অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিৱেশৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বিজ্ঞান ভিত্তিত আকস্মিক বক্তৃতা,পোষ্টাৰ ড্ৰয়িং আৰু মডেল মেকিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাখনিৰ আৰম্ভনিতে ছাত্ৰ-ছাত্ৰী সকলক উদ্যেশি এখন উদ্ধোধনী সভা অনুষ্ঠিত কৰে।সভাৰ উদ্ধোধন কৰে কবিৰাজ শৰ্মাই।মূখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে পবিত্ৰ শইকীয়াই। উক্ত সভাত সভাপতিত্ব কৰে জগদীশ শৰ্মাই।সমন্বয়ক ললিত ভূঞা আৰু তত্বাৱধায়ক সঞ্জয় বিশ্বৰ্কমা। ২০ খন বিদ্যালয়ৰ দ্বি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰিলে উক্ত বিজ্ঞান প্ৰতিযোগিতাত।কিছু সংখ্যকে প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শন কৰিলে বিজ্ঞান মডেল মেকিং প্ৰকল্প,কিছু সংখ্যকে ছৱি অকা,আকস্মিক বক্তৃতা অংশ গ্ৰহন কৰি প্ৰতিযোগিতা খনি সফল কৰি তুলে।

উক্ত প্ৰতিযোগীতাত বিচাৰক ৰূপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজু ওজা,বিপুল দাস, দিপন দিহিঙ্গীয়া,বিশ্বজিৎ বৰদলৈ,বলিন হাজৰিকাই।প্ৰতিযোগীতাৰ অন্তত বিভিন্ন বিভাগত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মডেল মেকিং প্ৰতিযোগীতাৰ ১ম,২য়,৩য় স্থান লাভ কৰে ক্ৰমে অম্বিকাগিৰীৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ ঈশ্বৰানন্দ শইকীয়া,জ্ঞানভাৰতী পাব্লিক স্কুলৰ মুনলিনা হাজৰিকা,চেন্টযোচেফ স্কুলৰ ভাৰ্গৱ শইকীয়াই।পোষ্টাৰ ড্ৰয়িংত ১ম,২য়,আৰু ৩য় স্থান লাভ কৰে ক্ৰমে গহপুৰ টাউন হাইস্কুলৰ দেৱজিৎ পাল,অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ভূমি বৰা,যুতীয়া ভাৱে গহপুৰ কলেজিয়েটৰ লাচিত বৰা আৰু জ্ঞানভাৰতীৰ জ্যােতি বসুমতাৰী।

আকস্মিক বক্তিতাত ১ম,২য়,৩য় ক্ৰমে চেন্টযোচেফৰ অভিলেখ বৰা,টাউন স্কুলৰ ইলোৰা ভূঞা,নেহেৰু হাইস্কুলৰ ডলী মুদৈ। ফলাফলৰ শেষত বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here