Home মুখ্য পৃষ্ঠা আন্তৰ্জাতিক ক্ৰিকেট জগতৰ ইতিহাস ত নেপালৰ এজন কণিষ্ঠ তম খেলুৱৈ মাষ্টাৰ ব্লাষ্টেৰ...

আন্তৰ্জাতিক ক্ৰিকেট জগতৰ ইতিহাস ত নেপালৰ এজন কণিষ্ঠ তম খেলুৱৈ মাষ্টাৰ ব্লাষ্টেৰ শচীন টেণ্ডুলকাৰৰ

127
0

২৯ বছৰীয়া এটা অভিলেখ ভংগ কৰি বিৰল কৃতিত্ব অর্জন কৰে।বৰ্তমান সংযুক্ত আৰৱ এমি ৰেটছ ভ্ৰমণত থকা নেপাল ক্ৰিকেট দলটোৰ কনিষ্টতম খেলুৱৈ তথা কিশোৰজন হৈছে ৰোহিত পৌডেল।

 

ৰোহিতে তিনিখন মেচ ৰ এদিনীয়া শৃংখলাটোৰ সংযুক্ত আৰব এমি ৰেটছ ক্ৰিকেট দলটোৰ বিৰূদ্ধে দ্বিতীয় খন খেলখনত অৰ্ধ শতক অর্জন কৰে।আৰু ইয়াৰ জৰিয়তেই খেলুৱৈ জনে শচীন টেণ্ডুলকাৰে আজি পৰা প্ৰায় ২৯ বছৰ পূৰ্বে আটাইতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ত অৰ্ধ শতক কৰাৰ যি অভিলেখ ৰচিছিল,সেয়া ভংগ কৰে খেলুৱৈ জনে খেলখনত।উল্লেখযোগ্য যে শচীনে সেই অভিলেখ ১৬ বছৰ বয়সত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হোৱা টেষ্ট খেলত কৰিছিল।

ৰোহিতেও শচীন ৰ একে বয়সতে এই অভিলেখ কৰিবলৈ সক্ষম হৈছে।আনহাতে এই অভিলেখ ৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ও টুইটাৰ যোগে উল্লেখ কৰি শুভেচ্ছা জনাই খেলুৱৈ জনক।

নেপালৰ দলটোৰ হৈ ৭ নম্বৰ ত বেট ধৰিবলৈ অহা ১৬ বছৰীয়া কিশোৰ ৰোহিতে তেওঁৰ ব্যক্তিগত স্কৰ ৫৫ ৰাণ ৫৮ বলত সংগ্ৰহ কৰে।ৰোহিতে দলটোক এটা সন্তুকজনক স্কৰ (২৪৯/৯) থিয় কৰাতো সহায় কৰে খেলুৱৈ জনে।

ৰোহিতে যোৱা বৰ্ষ টোতহে আন্তঃৰাষ্ট্ৰীয় খেলত ভৰি দিছিল।তেতিয়া তেওঁৰ বয়স আছিল ১৫ বছৰ।সেইদৰে তেওঁ বিশ্বৰ চতুৰ্থ জন কনিষ্ঠ তম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতাৰ পৰিণত হয়।

নিউজ ডেস্কঃ ঋষি লহকৰ,গুৱাহাটী

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here