Home মুখ্য পৃষ্ঠা নতুন বছৰৰ চিন্তা আৰু ২০১৯

নতুন বছৰৰ চিন্তা আৰু ২০১৯

196
0

নৰেন হাজৰিকা

বছৰটোৰ শেষ পৰ্যায়ত আমি উপনীত হৈছোহি। কেইটামান ঘণ্টাৰ পিছত আমি এটা নতুন বছৰ লাভ কৰিম। যোৱাটো বছৰৰ দৰে আমি একেই সময়তে এইটো বছৰকো আমি বিদায় দি এটা নতুন বছৰক আদৰিম। যোৱা বছৰটোকো আদৰবিলৈ সাজু হৈছো। আগৰ বৰ্ষক আদৰি লোৱা বৰ্ষটোত এইবাৰ আমি বিদায় দিম ঠিক আগৰ বছৰৰ সময় ও তাৰিখ কোনো সালসলনি নকৰাকৈ ২০১৯ বৰ্ষ। আমি সকলোৱে এই বৰ্ষটোক আদৰিবলৈ প্ৰস্তু হৈছো।

পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাৰ বাবে সকলো প্ৰস্তুতি যেন শেষ কৰিছো। এয়া সময়ৰ আহবান। সময়ৰ আহবানক্ৰমে পুৰণি বছৰটোক কালৰ বুকুত লীন কৰি যোৱা বাবেই নতুনক প্ৰত্যাহবান, ভৰি দিয়ে নতুন বছৰত। এই নতুন বছৰটোতে মানুহে নতুন নতুন পৰিকল্পনা কৰে। সেয়া বাস্তৱত ৰূপ দিবলৈ কাৰোবাৰ বাবে পৰিকল্পনা বিলাক বাস্তৱত পৰিণত হয়, কাৰোবাৰ বাবে নহয়। কোনোবাই বেয়া কাম এৰি ভাল কৰাৰ বাবে মনোনিবেশ কৰে, সংকল্প গ্ৰহণ কৰে নতুন বছৰত নতুন কামৰ বাবে। কোনোবাই সেই দিনটোতে পৰিয়ালৰ স’তে বনভোজ খাবলৈ পায়, কোনোবাই হয়তো বন্বুূ-বান্ধবীৰ স’তে এসাঁজ খোৱাৰ প্ৰস্তুতি চলায়। এনেকৈয়ে পুৰণি বৰ্ষক বিদায় দি নতুনক আদৰি আনো।

সময় এনেকৈয়ে প্ৰবাহমান হৈ আছে থাকিব। ই স্তব্ধ নহয়। এই গতিমান সময়ে প্ৰাৰ্ঘিৱ সকলো বস্তুলৈকে ক্ৰমশঃ নানা পৰিৱৰ্তন আনি তাকে। আগলৈকো আনি থাকিব। বছৰবোৰ গৈ থকাৰ দৰে মানুহবোৰো সময়ৰ সোঁতত যেন গৈ থাকে। ফলস¤ৰূপে পৰিৱৰ্তনৰ কবলত পৰে। সময়ে মানুহৰ দেন-মনত বয়সৰ চাপ পেলায় আৰু এদিন এই পৃথিৱীৰ পৰা হেৰাই যাবলৈ বাধ্য হয়। সময় আগবঢ়াৰ লগে লগে সকলোৰে বয়স বাঢ়ে কিন্তু আয়ুস কমে। জীৱন আৰু জড় সকলোৰেই এই দশা অৱশ্যাম্ভাৱী। এইখন পৃথিৱীত একোৰেই স্থায়িত্ব নাথাকে। সেয়েহে বিদায়ৰ অৱধাৰণাটোৱেও বিভিন্ন ব্যক্তিৰ মনৰ মাজত ধৰা দিবলৈ আৰম্ভ কৰে। পৰিৱৰ্তন, বিদায়, নিঃশ্চিহ্নতা এইবোৰ সংসাৰৰ সঁচাৰূপ। প্ৰকৃতিৰ নিয়ম, নতুন আহে পুৰণিক বিদায় দিয়া হয়। বিদায় দিয়া বছৰটোৰ কিছু কাম কৰিব নোৱাৰাখিনি নতুন বছৰটোত সমাধান কৰাৰ সংকল্প গ্ৰহণ কৰাৰ পৰিকল্পনাও কৰা উচিত।

যোৱা বছৰটোত বহুতৰ আশা হয়তো পূৰণ হ’ল। বহুতৰ হয়তো নহ’ল। নতুন বছৰটোত এতিয়া পুনৰ নতুন উদ্যমেৰে পূৰণ নোহোৱা আশাক বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হোৱাৰ সময়। পুৰণা বছৰটোত বহুজনৰ মনত অসহনীয়, পাহৰিব নোৱাৰা বহু দুখ-যাঁতনাৰ নানান দুৰ্ঘটনাও সংঘটিত হৈ গ’ল। বহুজন বহুজনৰ ওচৰত প্ৰতাৰিত হ’ল। কিন্তু আমি আমাৰ এনে অনাকাংক্ষিত কাৰ্যবোৰ ৰোধ কৰিব পাৰিব লাগিব। নতুন বছৰত হৈ যোৱা অপকৰ্মসমূহ পৰিত্যাগ কৰি সুন্দৰকৈ গঢ়ি তোলাৰ বাবে চিন্তা-চৰ্চা কৰাৰহে সময়।

শিক্ষিত ব্যক্তিৰ সংখ্যা অধিক, আইনজীৱী, বুদ্ধিজীৱী, সমাজবিদ, অৰ্থনীতিবিদৰ সংক্যা বাঢ়িছে। দুৰ্নীতি, কেলেংকাৰি, আদিৰে অসৎ লোকৰ সমাজত বিশৃংখল লোকৰ সৃষ্টিয়ে এক সংকটাপূৰ্ণ অৱস্থাৰ সৃষ্টি কৰিছে। বৰ্তমানৰ নৱ প্ৰজন্মৰ মনত উচ্ছৃংখল ভাৱ পোষণ হৈছে এইবোৰ সকলো নাইকিয়া কৰি সুস্থ সমাজৰ চিন্তা কৰিব লাগে নতুন বছৰটোত।
সেয়েহে পুৰণি বছৰটোৰ শেষৰ দিনা নতুন বছৰক আদৰাৰ দিনা এক সুস্থ চিন্তাৰে নৱবৰ্ষটোক আদৰণি জনোৱাৰ সংকল্প লওঁ আহক, লযাতে আমাৰ কাৰ্যই পুৰণা ভুলখিনি মষীমূৰ কৰিব পাৰো আৰু নৱ প্ৰজন্মক জীৱনৰ পথ দেখুৱাবলৈ সক্ষম হ’ব পাৰো, তাকে কৰিব নোৱাৰিলে আমাৰ সমাজখন এদিন সম্পূৰ্ণ অসুন্দৰ হৈ পৰিব আৰু তাতেই থাকিব আমাৰ ভৱিষ্যতৰ সতি-সন্ততিসকল। নতুন বছৰক আদৰাৰ কোনো তাৎপৰ্যও নাথাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here