Home অসম নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উত্তাল বিলাসীপাৰা চহৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উত্তাল বিলাসীপাৰা চহৰ

238
0

দৈনন্দিন বাৰ্তা লাইভ,বিলাসীপাৰাঃ
সমগ্ৰ ৰাজ্যজুৰি চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদ আজি বিলাসীপাৰাতো প্ৰদৰ্শন কৰিলে বিভিন্ন দল সংগঠনৰ দ্বাৰা প্ৰায় দুই হাজাৰতকৈ অধিক প্ৰতিবাদকাৰীয়ে।
“অসমীয়াৰ হাহাকাৰ, শুই আছে চৰকাৰএই চৰকাৰ নিপাত যাওক, ভোটৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণ বন্ধ কৰক,অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ইত্যাদি প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে বিলাসীপাৰা পাব্লিক খেলপথাৰৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় লৈ ।

বিলাসীপাৰা শাখা সাহিত্য সভা পৰিচালনা সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদীসকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে দুই হাজাৰতকৈ অধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সহযোগত শান্তি পূৰ্ণ ভাবে অন্ত পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here