Home মুখ্য পৃষ্ঠা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহবায়ক উপমন্যু হাজৰিকা, ‘‘ভূমিক বাদ দি আন সংৰŽণে খিলঞ্জীয়াক...

প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহবায়ক উপমন্যু হাজৰিকা, ‘‘ভূমিক বাদ দি আন সংৰŽণে খিলঞ্জীয়াক বচাব নোৱাৰে’’

159
0

দৈনন্দিন বাৰ্তা লাইভঃ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ বাবে প্ৰব্ৰজন বিৰোধী মঞ্চই যোৱা তিনিমাহ ধৰি প্ৰচাৰ চলালে। ইফালে শেষৰ তেৰ মাহত ৰাজ্যজুৰি ছয় লাখতকৈও অধিক গোঁহাৰিপত্ৰ বিতৰণ কৰিলে মঞ্চই। তেজপুৰৰ পৰা চিলাপথাৰলৈ, শদিয়াৰ পৰা বকোলৈ মঞ্চই গাঁৱে-গাঁৱে প্ৰচাৰ অভিযান চলালে। ৰাইজে গোঁহাৰিপত্ৰৰ বিষয়সমূহ সমৰ্থন জনালে তথা পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি নেতাসকলক দায়বদ্ধ আৰু দায়িত্বশীল কৰিবলৈ নেতাকেন্দ্ৰিক প্ৰতিবাদ আৰম্ভ কৰিছে।– এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহবায়ক উপমন্যু হাজৰিকাৰ। বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই কথা কয়। তেওঁ সংবাদমেলত বৃহস্পতিবাৰে পুনৰ কয় যে খিলঞ্জীয়াৰ ভোটত জয়ী হোৱা অসম চৰকাৰৰ ৬৪ জন বিধায়কে কেৱল মাত্ৰ তিনিটা পদক্ষেপ গ্ৰহণ কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। ইয়াক লৈ মঞ্চই সজাগতা সৃষ্টি কৰি অহাৰ বিপৰীতে চৰকাৰৰ প্ৰতিক্ৰিয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে আগৰ দৰে আগন্তুক নিৰ্বাচনো প্ৰতিশ্ৰুতিৰে পাৰ কৰাব খুজিছে। কিন্তু ৰাইজক এতিয়া ফলাফল লাগে বুলি হাজৰিকাই কয়। উল্লেখ্য ইয়াৰ বাবে মঞ্চই চৰকাৰখনক ৩১ জানুৱাৰী (২০১৯)ৰ সময়সীমায় বান্ধি দিছিল। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকল বিশেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি তেওঁ কয় যে তেওঁলোক এতিয়া হিন্দু বাংলাদেশীৰ প্ৰেমত মত্ত। বৰ্তমান অসম চুক্তি ৰূপায়ণ বিভাগ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তপন কুমাৰ গগৈৰ হাতত থকাৰ বিপৰীতে আনএগৰাকী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইহে সাংবিধানিক ৰক্ষাকবচৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপৰ কথা উল্লেখ কৰি আছে বুলি তেওঁ কয়। তেওঁ আৰু কয় যে– ড০ শৰ্মাই যি ৰক্ষা কবচ প্ৰদান কৰাৰ কথা কৈছে সেয়া হৈছে বিধানসভাত আসন সংৰক্ষণ আৰু চৰকাৰী চাকৰি সংৰক্ষণ। এয়া আগন্তুক লোকসভা নিৰ্বাচনৰ পাছত নৱগঠিত কেন্দ্ৰীয় সংসদ আৰু চৰকাৰে ধাৰ্য কৰিব। তেওঁ কয় যে এই কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত অসমে প্ৰকৃততে হিন্দু বাংলাদেশীহে পালে আৰু ৰক্ষা কবচৰ ক্ষেত্ৰত পুনৰ আকৌ প্ৰতিশ্ৰুতি হৈ ৰ’ল। যি পালন কৰিলেও কোনো সাধাৰণ মানুহ উপকৃত নহ’ব। আসন সংৰক্ষণে কেৱল নেতা সকলকহে উপকৃত কৰিব, খিলঞ্জীয়াক নহয়। সেয়ে ৰাজ্য চৰকাৰে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ আইন প্ৰণয়ন কৰিব লাগে। ইয়াৰ বাবে দিল্লীৰ ওচৰত হাত পতাৰ প্ৰয়োজনীয়তা নাই। খিলঞ্জীয়াৰ স্বাৰ্থত ৬৪ বিধায়কে স্বাক্ষৰ কৰিলেই এই আইন প্ৰণয়ন হৈ যাব। যদি খিলঞ্জীয়াৰ বাবে ভূমিয়েই সংৰক্ষিত নহয়, তেতিয়া কোনোধৰণৰ অন্য সংৰক্ষণে খিলঞ্জীয়াক বচাব নোৱাৰে বুলি তেওঁ কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here