Home মুখ্য পৃষ্ঠা বানবিধ্বস্ত কেৰালাৰ অৰ্থনীতি পুনৰ নিৰ্মাণৰ লক্ষ্যঃ বৃদ্ধি কৰিব সুৰা, চিনেমাৰ টিকটৰ মূল্য

বানবিধ্বস্ত কেৰালাৰ অৰ্থনীতি পুনৰ নিৰ্মাণৰ লক্ষ্যঃ বৃদ্ধি কৰিব সুৰা, চিনেমাৰ টিকটৰ মূল্য

101
0

‘কেৰালা বান উপকৰ’ৰ দ্বাৰা বছৰি ৬০০কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য,

বানত অৰ্থনীতিৰ কঁকাল ভঙা কেৰালাৰ ৰাজ্য চৰকাৰখনে এই ঘাটি পূৰণ কৰিবলৈ বৃহস্পতিবাৰে চিনেমাৰ টিকট, বিয়েৰ আৰু মদৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিত্তমন্ত্ৰী টি এম থমাছ ইছাকে এই ঘোষণা কৰে। প্ৰসংগক্ৰমে বানৰ পাছৰ বৃহস্পতিবাৰৰ দিনা চিপিআই(এম) নেতৃত্বাধীন এলডিএফ চৰকাৰখনে বাজেট দাখিল কৰি ৰাজ্যখনৰ অতিৰিক্ত সম্পদ সচল কৰি অৰ্থনীতি পুনৰ নিৰ্মাণৰ পোষকতা কৰে। ইয়াৰ অংশ স্বৰূপে বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ পুনৰুজ্জীৱিত কৰণৰ অৰ্থে ২৫টা নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে। ইফালে ‘কেৰালা বান উপকৰ’ ব্যৱস্থাৰ জৰিয়তে দ্ৰব্য আৰু সেৱা কৰ (জিএছটি)ৰ তিনিটা স্তৰতে(১২ণ, ১৮ণ আৰু ৮ণ) এক শতাংশ ইয়ালৈ যাব। তদুপৰি যোগানৰ ক্ষেত্ৰত ০.২৫ণ ‘কেৰালা বান উপকৰ’লৈ যাব। সকলো সেৱাৰ পৰাই এক শতাংশ ‘কেৰালা বান উপকৰ’ৰ বাবে কৰ্তন কৰা হৈছে। ৰাজ্যৰ ভিতৰতে যোগানৰ ক্ষেত্ৰটো এই উপকৰ সংগ্ৰহৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ জৰিয়তে প্ৰতিবছৰে ৬০০ কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি বিত্তমন্ত্ৰী গৰাকীয়ে কয়। সকলো ধৰণৰ বিদেশী সুৰা তথা বিয়েৰৰ প্ৰথম, বিক্ৰীত কৰৰ হাৰ দুই শতাংশ বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে চিনেমাৰ টিকটৰ ক্ষেত্ৰত আমোদ কৰ দহ শতাংশ পৰ্যন্ত সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here