Home অসম ৰহাত আৰম্ভ হ’ল অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন, সাহিত্যৰথীক সুঁৱৰি...

ৰহাত আৰম্ভ হ’ল অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন, সাহিত্যৰথীক সুঁৱৰি শুভাৰম্ভ অধিবেশনৰ কাৰ্যসূচী

53
0

জোঙালবলহু সমন্বয় ক্ষেত্ৰৰ পৰা ভাস্কৰজ্যোতি শইকীয়া, নগাঁওঃ ৰহাৰ জোঙালবলহু সমন্বয় ক্ষেত্ৰত আজিৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন। ৰহাৰ মহিলা শাখা সাহিত্য সভা ‘সূৰ্যৱতী’ৰ আমন্ত্ৰণক্ৰমে আজিৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ মধ্য অসমৰ ৰহাৰ বাটমাৰী পথাৰৰ জোঙালবলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ এই দশম বিশেষ বাৰ্ষিক অধিবেশনখন। ১৯৮০ চনত ৰহাত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হোৱাৰ কেইবাটাও দশকৰ পাছত পুনৰ ৰহাত অনুষ্ঠিত হোৱা দশম বিশেষ বাৰ্ষিক অধিবেশনকলৈ এতিয়া সমগ্ৰ অধিবেশনস্থলীত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। অসমীয়া জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী, ভাষা-সংস্কৃতিৰ ৰহঘৰা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনিক লৈ এতিয়া উদুলি-মুদুলি নগাঁৱৰ ৰহাৰ বাটমাৰি পথাৰৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰ। আজি পুৱা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিৰ কপিলী নদীৰ পাৰত স্থাপিত সাহিত্যৰথীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বালনে আৰম্ভ হয় সাহিত্য সভাৰ এই দশম বিশেষ বাৰ্ষিক ৰহা অধিবেশনৰ প্ৰথম কাৰ্যসূচী। ৰসৰাজৰ প্ৰতিমূৰ্তিত প্ৰথমে বন্তি প্ৰজ্বালন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। ইয়াৰ পিছতে উপ সভাপতিসকল, আদৰণী সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাহিত্যানুৰাগীয়ে বেজবৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিচতে দিনৰ বাৰ বজাত অনুষ্ঠিত হয় মেডাম মে ফি। মুখ্য অতিথি ৰূপে উপস্থিত থাকে উপ-সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ড০ পুষ্প গগৈয়ে। ইয়াৰ পিছতে অধিবেশনস্থলীত নামঘৰ উদ্বোধন কৰে সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। মুখ্যদ্বাৰ উন্মোচন কৰে প্ৰবাসী অসমীয়া ডাঃ কৰুণা সাগৰ দাসে। লগতে কৃষ্ণৰায় মেধি সোঁৱৰণি কেন্দ্ৰীয় সভাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই। লগতে গ্ৰন্থমেলা দ্বাৰ উদ্বোধন কৰে বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰীয়ে, বাণিজ্য মেলা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ চাও লোকেশ্বৰ গগৈয়ে, প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে ৰহা নগৰ সমিতিৰ সভাপতি ধ্ৰুব দাসে, মূল মণ্ডপ উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসে আৰু মূল মঞ্চ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। কাইলৈ পতাকা উত্তোলনেৰে অধিবেশনৰ মূল কাৰ্যসূচী পাতনি মেলা হ’ব। ইতিমধ্যে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহি অধিবেশন স্থলীত উপস্থিত হৈছেহি। ইপিনে এই অধিবেশনতে অসমৰ জলন্ত সমস্যাসমূহ সমাধানৰ বাবে সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে সভাপতি আৰু প্ৰধান সম্পাদকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি সভাপতি পৰমানন্দ ৰাজবংশীয়ে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোককে অধিবেশনখনি সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে বৰ্তমান জাতীয় সংকটৰ গতানুগতিকতাৰ পৰা ঊধৰ্বত নি বৃহত্তৰ অসমীয়া খিলঞ্জীয়া মাতৃভাষাৰ শত্ৰুসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ গঢ়িবলৈ অসম সাহিত্য সভাই চেষ্টা চলাইছে বুলি মন্তব্য কৰি নতুন প্ৰজন্মক এখন সুস্থ সংহত সমাজ দিবলৈ চেষ্টা চলাইছে বুলি কয়। তদুপৰি ৰাজনৈতিক প্ৰৰোচনাই যাতে সমাজ বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে নৱ প্ৰজন্ম সচেতন হ’বলৈ আহ্বান জনায়। আনপিনে মুখ্যমন্ত্ৰীক সভালৈ আমন্ত্ৰণ জনোৱাৰ সম্পৰ্কত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতা কৰাৰ সম্পৰ্কত সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে এই মহা মেলাত কাকো ক’লা পতাকা নেদেখাওঁ, ক’লা মুখ দেখুৱাম বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে সন্ধ্যা ৬ বজাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ চতুৰ্থ পূৰ্ণাংগ অধিবেশন। ইয়াৰ পিছতে কুকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ সোঁৱৰণিত ‘চেনাই মই যাওঁ দেই’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত বহুকেইজন বিশিষ্ঠ শিল্পীৰ লগতে স্থানীয় বহু শিল্পীয়ে সংগীত পৰিবেশন কৰে। তীব্ৰ অৰ্থ সংকটৰ মাজতে ৰহা অধিৱেশনৰ শুভাৰম্ভ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে মাত্ৰ চাৰি মাহ পূৰ্বে ৰহাত দশম বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাত যথেষ্ট কষ্ট কৰিব লগীয়া হয় ৰহাৰ আদৰণি সমিতি। অসম সাহিত্য সভাই ৰহা অধিবেশনৰ ঘোষণা কৰাৰ পিছত প্ৰস্তুতি সম্পৰ্কীয় সভা সমিতি কৰি থকাতেই আধা সময় হাতৰ পৰা ওলাই গৈছিল আদৰণি ৰহা আদৰণি সমিতিৰ। ইমানৰ পিছতো ৰাতি-দিন এক কৰি ৰহা অধিবেশনৰ বাবে উদ্যোক্তা সমিতিয়ে অধিবেশন সফল কৰিবৰ বাবে কোনো কৃপনালি কৰা নাছিল যদিও আজি পৰ্যন্ত আদৰণি সমিতি অভাৱগ্ৰস্ত হ’লেও সাহিত্য সভাৰ আৰম্ভণি ঘটিল। আদৰণি সমিতিৰ বিষয়ববীয়াসকলৰ দুচিন্তা বৃদ্ধি পাই আহিলেও ৰহা অঞ্চলৰ ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে। ৰহা-বাৰপূজীয়া পথৰ জোঙাল বলহু ক্ষেত্ৰলৈ দৰ্শকৰ সোঁত ববলৈ আৰম্ভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here