Home অসম নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ মৰাণত...

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ মৰাণত ১০ ঘন্টীয়া অনশন

72
0

দৈনন্দিন বাৰ্তা লাইভ, মৰাণঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মৰাণৰ বিভিন্ন স্থানত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘন্টীয়া অনশনত বহিছে আছু সদস্য।

মৰাণ নগৰ মাজ-মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অনশনত বহিছে আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সদস্য ৫০ জনৰো অধিক প্ৰতিবাদী।

মৰাণ বামুনবাৰী তিনিআলিত আছু লেঙেৰী আঞ্চলিক সমিতিৰ সদস্য লগতে আন জনগোষ্ঠীয় সদস্যসহ মুঠ ৪০ জনৰো অধিক প্ৰতিবাদীৰ অনশন।
মৰাণৰ খোৱাং চাৰিআলিতো আছু খোৱাং আঞ্চলিক সমিতিৰ সদস্যসকলৰ অনশন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here