Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় তীব্ৰ ৰূপত কেন্দ্ৰৰ সৈতে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰৰ সংঘাত

তীব্ৰ ৰূপত কেন্দ্ৰৰ সৈতে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰৰ সংঘাত

80
0

নিউজ ডেস্কঃ কলকাতা, ৪ ফেব্ৰুৱাৰীঃ কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক চিবিআইয়ে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি কেন্দ্ৰৰ সৈতে পশ্চিংমবংগ চৰকাৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জগৰীয়া কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোডীয়ে আক্ৰোশ পূৰণৰ বাবে চিবিআইক ব্যৱহাৰ কৰিছে। উল্লেখ্য যে দেওবাৰে নিশাৰে পৰা সমগ্ৰ দেশবাসীৰে দৃষ্টি নিৱদ্ধ হৈছে কলকাতাত সৃষ্টি হোৱা সাংবিধানিক সংকটক লৈ। কলাকাত আৰক্ষী আৰু চিবিআইৰ সংঘাটক ৰাজনৈতিক সংঘাটলৈ পৰ্যবেশিত কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে নিশা ৮ বজাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে। সংবিধান ৰক্ষাৰ বাবে এই ধৰ্ণাত বহা বুলি মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে। মন কৰিবলগীয়া যে পশ্চিমবংগ উচ্চ ন্যায়ালয়ে পূৰ্বে দিয়া এটা নিৰ্দেশ মতে ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ কোনো তালাচী অভিযান চলাব নোৱাৰিব। আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ চিবিআইৰ দল এটাই কলকাতা আৰক্ষী আয়ুক্তক বিচাৰি তেওঁৰ ঘৰলৈ গৈছিল। সম্পূৰ্ণ অসংবিধানিকভাৱে চিবিআইয়ে এই কাৰ্য কৰাৰ প্ৰতিবাদ জনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত এই অসংবিধানিক কাৰ্য কৰিছে। উল্লেখ্য যে বিগত পাঁচ বছৰ ধৰি চলি থকা ছীড ফাণ্ডৰ গোচৰক লৈ হঠাৎ তৎপৰ হৈ পৰিছে চিবিআই। এই কেলেংকাৰিৰ বহু তথ্য পাতি কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰে নষ্ট কৰাৰ অভিযোগ কৰি দেওবাৰে চিবিআইৰ এটা দলে শীৰ্ষ বিষয়াজনক আটক কৰাৰ উদ্দেশ্যে তেওঁৰ ঘৰলৈ গৈছিল। ইয়াৰ পাছতে কলকাতা আৰক্ষীয়ে চিবিআইৰ দলটোক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছিল।

দেওবাৰৰ অভাৱনীয় ঘটনাটোঃ
কলকাতাত দেওবাৰে সৃষ্টি হৈছিল এক অভাৱনীয় ঘটনা। এফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু আনফালে কলকাতা আৰক্ষী। দুয়োপক্ষৰে মাজত যুযুঁধান স্থিতি। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সংঘাটত নামিল কেন্দ্ৰত শাসিত বিজেপি আৰু পশ্চিমবংগত শাসিত তৃণমূল কংগ্ৰেছ। উল্লেখ্য যে ছীট ফাণ্ড গোচৰত দীৰ্ঘদিন ধৰি চিবিআয়ে চমন জাৰি কৰিছিল কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক। কিন্তু চিবিআয়ে চমন জাৰি কৰাৰ পাছতো তদন্তকাৰী সংস্থাটোৰ ওচৰত হাজিৰ হোৱা নাছিল আৰক্ষী আয়ুক্তজন। দেওবাৰে চিবিআইৰ এটা দলে তেওঁক বিচাৰি ঘৰলৈ গৈছিল। চিবিআইৰ দলটোৰ সৈতে কলকাতা আৰক্ষীৰ সংঘাট হয়। দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্কাতৰ্কি আৰু পাছলৈ ঠেলা হেঁচা লাগে। পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছত চিবিআইৰ দলটোৰ কেইজনমান সদস্যক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। প্ৰাপ্ত তথ্য মতে চিবিআইৰ ৪০ জনীয়া বৃহৎ দল এটাই আৰক্ষী আয়ুক্তৰ ঘৰ ঘেৰাও কৰি ধৰিছিল। ইয়াৰ পাছতে কলকাতা আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হয়। আৰক্ষী চিবিআইৰ ১৫ জন আটক কৰি থানালৈ লৈ যায়।

মমতাৰ ধৰ্ণাঃ
দেওবাৰে নিশা ৮.৪০ বজাৰ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে। বাতৰি লিখা পৰ্যন্ত অব্যাহত আছে মমতা বেনাৰ্জীৰ ধৰ্ণা ঐতিহাসিক শ্বহীদ মিনাৰৰ কাষৰ মেট্ৰ’ চিনেমা হলৰ কাষত মুখ্যমন্ত্ৰীগৰাকীয়ে চিবিআইৰ ঘটনাৰ সন্দৰ্ভত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখ্য যে ধৰ্ণা মঞ্চৰ পাছতে আছে কলকাতা আৰক্ষীৰ এটা আৰক্ষী চকী। তাতেই মন্ত্ৰীসভাৰ বৈঠক আয়োজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় আধা ঘণ্টা ধৰি অনুষ্ঠিত হয় বৈঠক। বৈঠকত বাজেটক লৈ আলোচনা হয়। উল্লেখ্য যে বিধানসভাত বিত্ত মন্ত্ৰীয়ে বাজেট দাখিলৰ আগেয়ে মন্ত্ৰীসভাৰ অনুমতি লোৱা হয়। সেয়েহে অনুষ্ঠিত হয় বৈঠকখন। বৈঠকৰ পাছত মন্ত্ৰীসকল বিধানসভালৈ যায়। তাতে বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী অমিত মিত্ৰই। তাৰ পূৰ্বে এই ধৰ্ণা মঞ্চৰ পৰাই কৃষক সমাবেশত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বক্তব্য ৰাখে মুখ্যমন্ত্ৰী তথা তৃণমূলৰ নেত্ৰী মনতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়–প্ৰতি হিংসাৰ ৰাজনীতি কৰিছে মোডী চৰকাৰে। বিমুদ্ৰাকৰণৰ ফলত ক্ষতি হৈছে কৃষকৰ। কৃষকৰ নিদ্ৰা কাঢ়ি নিছে মোডী চৰকাৰে। আনহাতে ৮ ফেব্ৰুৱাৰী পৰ্যন্ত চলি মমতা বেনাৰ্জীৰ ধৰ্ণা। ইপিনে ৯ ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা হ’ব বাবে ধৰ্ণা মঞ্চত মাইক নবজায়। ধৰ্ণা চলি থকা সময়চোৱাত কোনো কেনিও যাব নোৱাৰিব।

দায়িত্ব গ্ৰহণ কৰি কলকাতাত শুক্লাঃ
সোমবাৰে চিবিআইৰ সঞ্চালক পদৰ দায়িত্ব গ্ৰহণ কৰে আইপিএছ বিষয়া ঋষি কুমাৰ শুক্লাই। দায়িত্ব লৈয়ে পশ্চিমবংগৰ অশান্ত পৰিস্থিতিৰ সন্দৰ্ভত কলকাতালৈ যায় চিবিআইৰ সঞ্চালক শুক্লা।

মমতাক সমৰ্থন বিৰোধীৰঃ
পশ্চিমবংগৰ আৰক্ষী আৰু চিবিআইৰ মাজত হোৱা ঘটনাক লৈ মমতা বেনাৰ্জীৰ স্থিতিক সমৰ্থন জনাইছে বিৰোধী পক্ষই। দেওবাৰে নিশাই কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ফোনযোগে মমতা বেনাৰ্জীক সমৰ্থন কৰাৰ কথা অৱগত কৰে। এক টুইটত ৰাহুল গান্ধীয়ে পশ্চিমবংগত যি হৈছে সেয়া মোডী আৰু বিজেপিৰ মিলিত আক্ৰমণ দেশৰ ওপৰত হৈছে। এই ফেচীবাদী বাহিনীৰ বিৰুদ্ধে দেশৰ সকলো বিৰোধী একত্ৰিত হ’ব লাগে। এনচিপিৰ মুখ্য শাৰদ পাৱাৰে কয়–‘ই হ’ল গণতন্ত্ৰৰ ওপৰত নিগ্ৰহ। পশ্চিমবংগত চিবিআইক সম্পূৰ্ণ অপব্যৱহাৰ কৰিছে। এই সময়ত সকলো বিৰোধী একত্ৰিত হ’ব লাগে।’ আনহাতে টি ডি পিৰ মুখ্য চন্দ্ৰবাবু নাইডুবে কয়–‘তেওঁৰ দলে সংসদত এই বিষয়ত প্ৰতিবাদ জনাব। গুজৰাটৰ দলিত বিধায়ক জিগনেশ মেয়ানিয়ে কয়–‘নৰেন্দ্ৰ মোডী, অমিত শ্বাহে চিবিআইৰ সৈতে মিলি গণতন্ত্ৰ আৰু সংবিধান ধবংস কৰিছে।’ তদুপৰি মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ প্ৰধান ৰাজ ঠাকৰে, কংগ্ৰেছ নেতা গোলাম নবী আজাদ, এছ পিৰ সভাপতি অখিলেখ যাদৱ, শিৱ সেনাৰ সাংসদ সঞ্জয় ৰাউট, ৰাজ্যসভাৰ আপৰ সাংসদ সঞ্জয় সিং, প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌৰাসহ বিভিন্ন ৰাজনৈতিক নেতাই মমতা বেনাৰ্জীৰ পদক্ষেপক সমৰ্থন জনাইছে।

ৰাজভৱনৰ প্ৰতিবেদন তলবঃ
ৰাজীৱ কুমাৰ কাণ্ডত ৰাজভৱনৰ ওচৰত প্ৰতিবেদন তলব কৰা হৈছে। সংসদত এই কথা জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। বিৰোধীৰ শ্ল’গানৰ মাজতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে অভিযোগ কৰি কয়, সাৰদা কাণ্ডৰ তদন্তত সহযোগিতা কৰিবৰ কাৰণে কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক একাধিকবাৰ চমন দিছিল চিবিআয়ে। কিন্তু তেওঁ কোনোবাৰেই হাজিৰ হোৱা নাছিল সেয়েহে দেওবাৰে চিবিআইৰ বিষয়া তেওঁৰ ওচৰত হাজিৰ হৈছিল। গৃহমন্ত্ৰীজনে সংসদত জনায় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই সাৰদা কাণ্ডৰ তদন্ত কৰা হৈছে।

উচ্চতম ন্যায়ালয়ত গোচৰঃ
চিবিআইৰ বিষয়া নিগ্ৰহ কাণ্ডৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানী আৰম্ভ হয়। ঘটনা সন্দৰ্ভত আজি চিবিআই ১০-৩০ বজাত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়। চিবিআইৰ অভিযোগ হ’ল, আয়ুক্তজনে তদন্তত সহায় কৰা নাই। আনকি তেওঁ তদন্তৰ তথ্য প্ৰমাণ নষ্ট কৰিব পাৰে। ইপিনে উচ্চতন ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়– এই গোচৰটো এনে জৰুৰী নহয় যে আজিয়ে শুনানী কৰিব লাগিব। যদি কলকাতা আৰক্ষীয়ে তথ্য প্ৰমাণ নষ্ট কৰিছে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাইলৈ উচ্চতম ন্যায়ালয়ত ৰাজীৱ কুমাৰৰ বিৰুদ্ধে কৰা অভিযোগৰ তথ্য প্ৰমাণ জমা দিব চিবিআয়ে। আনহাতে পশ্চিমবংগ চৰকাৰে কলকাতা উচ্চ ন্যায়ালয়ত চিবিআইৰ বিপক্ষে গোচৰ ৰুজু কৰিছে। কাইলৈ উচ্চতম ন্যায়ালয়ে গোচৰটোৰ ৰায় দিয়াৰ সম্ভাৱনা আছে।

জীৱন দিবলৈ সাজু মমতাঃ
ৰাজীৱ চোৰ· মই তেওঁৰ বাবে জীৱন দিবলৈ সাজু। এনেদৰে ধৰ্ণা মঞ্চৰ পৰা কয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়–‘ৰাজীৱ কুমাৰ চোৰ· কাৰ টকা নিছে· মই চোৰ· কাৰ টকা নিছো· আনহাতে পৰিস্থিতিৰ সৈতে আপোন নকৰি জীৱন দিবলৈ সাজু মমতা বেনাৰ্জী। তেওঁ এইদৰে উল্লেখ কৰে।

ৰাজীৱ কুমাৰৰ অপসাৰণৰ ওপৰত গোচৰঃ
কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক অপসাৰণ কৰণৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দুজন সমাজকৰ্মীয়ে গোচৰ ৰুজু কৰিছে। এই গোচৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ সমাদ্দাৰাই প্ৰশ্ন কৰে–কি জৰুৰী ভিত্তি শুনানী আৰ্জি কৰা হ’ল· কাইলৈ জনস্বাৰ্থ শুনানি অনুষ্ঠিত হ’ব।

হাজিৰ চিআৰপিএফঃ
কলকাতাৰ ছŒট লেকত আছে চিবিআইৰ কাৰ্যালয়। এই কাৰ্যালয়ৰ বিষয়াসকলৰ নিৰাপত্তাৰ বাবে হাজিৰ হৈছে চিআৰপিএফৰ দল। ইপিনে চিবিআয়ে কয় তেওঁলোক উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ লগতে ৰাজ্যপালৰ কাষ চাপিব। চৰকাৰ হ’লে ৰাজীৱ কুমাৰক জেৰাৰ বাবে কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিব।

পশ্চিমবংগৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু কলকাতা আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধত চিবিআয়ে আজি গোচৰ ৰুজু কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠত গোচৰটো তৰা হৈছে। ইপিনে ৰাজীৱ কুমাৰেও বিষয়টোৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ তৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here