Home মুখ্য পৃষ্ঠা মন্ত্ৰী পাটোৱাৰী বিৰুদ্ধে ভুল তথ্য প্ৰদানৰ অভিযোগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ,অসম চুক্তিৰ ৫...

মন্ত্ৰী পাটোৱাৰী বিৰুদ্ধে ভুল তথ্য প্ৰদানৰ অভিযোগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ,অসম চুক্তিৰ ৫ আৰু ৬ নং দফাক লৈ সদনত কোলাহল

192
0
AGP MLA Ramendra Narayan Kalita addressing media after boycott assembly House during the Budget Session of Assam Legislative Assembly at Dispur in Guwahati on 04-02-19. Pix BY UB photos

উচ্চ পৰ্যায়ৰ সমিতিৰ পৰা ওলাই আহি সাহিত্যিক, বুদ্ধিজীৱীসকলে ভুল কৰিলেঃ পাটোৱাৰী

দৈনন্দিন বাৰ্তা লাইভ,গুৱাহাটীঃ অসম বিধানসভাৰ চলি বাজেট অধিৱেশনৰ সোমবাৰে সদন ত্যাগ কৰে অসম গণ পৰিষদে। অসম চুক্তি সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱাত সদন ত্যাগ কৰি অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰশ্ন উত্থাপনৰ সুযোগ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে কলিতাই কয়–‘চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুল তথ্য দিছে। অসম চুক্তি ৫ আৰু ৬ নং দফাক লৈ আমাক বিতংভাৱে আলোচনাৰ সুযোগ নিদিলে।’ শেহতীয়াকৈ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সমালোচনা কৰি কলিতাই সদনৰ মজিয়াত কয়–‘খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ কিদৰে খিলঞ্জীয়াক ৰক্ষাকৱচ প্ৰদান কৰিব·’ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণত কংগ্ৰেছ আৰু বিজেপিৰ আন্তৰিকতা নাই বুলি কলিতাই কয়। তেওঁ আৰু কয়–‘লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে ৬ নং দফা কাৰ্যকৰী কৰিবলৈ ওলোৱাত সন্দেহ হৈছে। কেন্দ্ৰই যদি দুবছৰৰ পূৰ্বে এই সিদ্ধান্ত ল’লেহেঁতেন, তেন্তে আদৰণি জনালেহেঁতেন।’ উল্লেখ্য সোমবাৰৰ সদনত অসম চুক্তি ৫ আৰু ৬ নং দফাক লৈ কেইবাজনো বিধায়কে প্ৰসংগ উত্থাপন কৰে। ইয়াতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়–‘এয়া অসমৰ বাবে বিশেষ সকাহ হ’ব। খিলঞ্জীয়াই জাতি, মাটি, ভেঁটিৰ সুৰক্ষা লাভ কৰিব।’ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিখনৰ পৰা অধ্যক্ষকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক সদস্যই পদত্যাগ কৰাৰ প্ৰসংগত পাটোৱাৰীয়ে কয়–‘সমিতিখনৰ পৰা ওলাই আহি সাহিত্যিক আৰু বুদ্ধিজীৱীসকলে ভুল কৰিলে। যদি তেওঁলোকে সমিতি খনত থাকিলহেঁতেন, তেন্তে তেওঁলোকৰ নাম অসমৰ ইতিহাসত সোণালী আখৰৰে লিখা থাকিলেহেঁতেন।’ শাসকীয় দলৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ এটি প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাত অসুবিধা আহিলেও অসমৰ স্বাৰ্থত চুক্তিৰ ৬ নং দফা কাৰ্যকৰী হ’ব। ইফালে সদন ত্যাগ কৰি অসম গণ পৰিষদৰ বিধায়ক পবীন্দ্ৰ ডেকাই মন্ত্ৰী পাটোৱাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়–‘চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত ভুল তথ্যৰে সদনৰ পৱিত্ৰতা নষ্ট কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here