Home অসম জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনতাৰ ক্ষোভ,লাখুটিত ভৰ দি ৰাজপথত আশীতিপৰ আইতা

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনতাৰ ক্ষোভ,লাখুটিত ভৰ দি ৰাজপথত আশীতিপৰ আইতা

86
0
The All Assam Students' Union (Aasu) Demow unit and 30 organizations representing various ethnic and tribal communities of the state 10 hours Hunger strike protest against citizenship amendment bill 2016 in Demow on 04-02-19.pix by UB PHOTOS

দৈনন্দিন বাৰ্তা লাইভ, চাবুৱাঃ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাবুৱাবাসী ক্ষোভত ফাটি পৰিছে। বিগত ৩০দিনে ধাৰাবাহিকভাৱে চলি আছে গণ প্ৰতিবাদ, সমদল, পথ অৱৰোধ, জোঁৰ সমদল, প্ৰতিকৃতি দাহ আদিৰ দৰে বিভিন্ন গণতান্ত্ৰিক কাৰ্যসূচী। গাঁৱৰ ৰাইজ স্বত্বৰ্স্ফূতভাৱে ওলাই আহিছে ৰাজপথলৈ। বাদপৰি ৰোৱা নাই বৃদ্ধ-বৃদ্ধাও। আশীতিপৰ বৃদ্ধ-বৃদ্ধাই প্ৰতিবাদ জনাইছে বিধেয়কখনৰ বিৰুদ্ধে। গাঁও, নগৰ,বাগিচা সকলোতে চলিছে প্ৰতিবাদৰ জোৱাৰ কিন্তু চৰকাৰহে নাই কোনো ভ্ৰক্ষেপ।

The All Assam Students’ Union (Aasu) Demow unit and 30 organizations representing various ethnic and tribal communities of the state 10 hours Hunger strike protest against citizenship amendment bill 2016 in Demow

গাণতান্ত্ৰিক প্ৰতিবাদ, জনগণৰ প্ৰতিবাদৰ ভাষাই তিল মানো তলাব পৰা নাই শাসনাধিষ্ঠ চৰকাৰ, দল কিম্বা নেতা পালিনেতাক। শাসকীয় পক্ষই যিমানে বিধেয়কখনৰ সপক্ষে যুক্তি দৰ্শাইছে সাধাৰণ জনতাৰ ক্ষোভৰ পৰিমান সিমানেই বৃদ্ধি হৈছে। আজি বৃহত্তৰ মুদৈ আৰু ভৰলুৱা গাঁৱৰ মহিলা ৰাইজে ৩৭ নং ৰাষ্ট˜ীয় ঘাইপথ অৱৰোধ কৰি শাসনাধিষ্ঠকেন্দ্ৰ তথা ৰাজ্য চৰকাৰ বিৰুদ্ধে সোচচাৰ হৈ পৰে। শ শ মহিলাই, বৃদ্ধাই ৪-৫ কিলোমিটাৰ খোজ কাঢ়ি ঘাইপথত অৱস্থান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বিনোদ হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ¡’গান দিয়ে। ‘নিজৰ ঘৰৰ ল’ৰাই নিজৰ মাককে চিনি নাপালে অ’, সি আৰু এতিয়া আমাৰ হৈ থকা নাই, বাৰ বিদেশীয় বহতীয়া হ’ল। জাতি-মাটি ভেটিৰ ৰক্ষাৰ নামত সৰ্বানন্দই ভেটি উচন যোৱা কাৰ্য কৰিছে তাক আমি মানি ল’ব নোৱাৰো। গতিকে আইনখন বাতিল কৰিব লাগে”– এই মন্তব্য আশীতিপৰ এগৰাকী বৃদ্ধাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ নিজা জন্মস্থানতে প্ৰতিবাদে মাহ অতিক্ৰম কৰিছে। প্ৰতিদিনাই ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আজিও মুদৈ আৰু ভৰলুৱাৰ ৰাইজে সমদল কৰি খাজিখোৱাত ঘাইপথ অৱৰোধ কৰে। দুঘণ্টাৰো অধিক সময় ধৰি অৱস্থান কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰদৰ্শন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here