Home মুখ্য পৃষ্ঠা হিমন্ত বিশ্বৰ বিজেপিত যোগদানতে অসমত তদন্ত বাদ দিলে চিবিআয়ে

হিমন্ত বিশ্বৰ বিজেপিত যোগদানতে অসমত তদন্ত বাদ দিলে চিবিআয়ে

189
0

দৈনন্দিন বাৰ্তা লাইভ,গুৱাহাটীঃ দেশ কপোঁৱা সাৰদা শ্বীট ফাণ্ড কেলেংকাৰিত অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল বুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে কৰা অভিযোগ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংবাদ বিভাগৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈয়ে। সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সদৰ কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত বৰদলৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চি বি আই) ই অসমৰ ক্ষেত্ৰত সাৰদা কেলেংকাৰিৰ তদন্ত কৰিবলৈ বাদ দিলে। ইয়াৰ পূৰ্বে চিবিআয়ে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত কেবাবাৰো অভিযান চলাইছিল বুলি বৰদলৈয়ে কয়। দেওবাৰে সাৰদা কেলেংকাৰি তদন্ত সন্দৰ্ভত চিবিআইৰ এটা দলে পশ্চিমবংগত পদাপৰ্ণ কৰাৰ ক্ষন্তেক পাছতে ৰাজ্যখনৰ আৰক্ষীয়ে চিবিআইৰ বিষয়াবৰ্গক আটক কৰা তথা সম্পূৰ্ণ কাম-কাজৰ পৰিকল্পনাকাৰী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰক্ষীৰ সমৰ্থনত আৰু চিবিআইৰ বিৰুদ্ধে ধৰ্ণাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰসংগত বৰদলৈয়ে সংবাদ মাধ্যমত কয় যে হিমন্ত বিজেপিলৈ যোৱাত চিবিআয়ে অসমৰ ক্ষেত্ৰত নিশ্চুপ হৈ মমাত বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ আন কেলেংকাৰিৰ প্ৰসংগ টানি আনি তেওঁ কয় যে লুই বাৰ্জাৰ কেলেংকাৰিতো হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ কথা ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰত প্ৰকাশ পাইছিল। কিন্তু এই ক্ষেত্ৰতো নিশ্চুপ হৈ বহি আছে চিবিআই। বিজেপিৰ বিৰোধীসকলক হাৰাশাস্তি কৰা হৈছে বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে হিমন্ত বিজেপিৰ নেতা হ’ল কাৰণে সাত খুন মাফ। হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰি আৰু দল বাগৰাৰ ৰাজনীতিৰ প্ৰসংগত বৰদলৈয়ে সংবাদমেলত আৰু কয় যে টাডা গোচৰৰ পৰা মুক্ত হ’বলৈ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ পৰা আহি কংগ্ৰেছত যোগদান কৰিছিল। শেহতীয়াকৈ শৰ্মাই মেৰু বিভাজনৰ বাবে হিন্দু-মুছলমানক লৈ নিকৃষ্ট ৰাজনীতিত নামিছে বুলি বৰদলৈয়ে কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here