Home মুখ্য পৃষ্ঠা জনজাতিকণৰ দাবীত ৯ ফেব্ৰুৱাৰীত অসম বন্ধ ঘোষণা টাইপাৰ

জনজাতিকণৰ দাবীত ৯ ফেব্ৰুৱাৰীত অসম বন্ধ ঘোষণা টাইপাৰ

101
0

সোণাৰিৰ পৰা অভিজিৎ ভূঞাঃ

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ সক্ৰিয় হৈ পৰিছে জনগোষ্ঠীটোৰ দল-সংগঠনসমুহ। জনগোষ্ঠীটোৰ অন্যতম সংগ্ৰামী মঞ্চ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই অতি শীঘ্ৰেই জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে আজি এই প্ৰতিবেদকৰ লগত হোৱা এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰি অহা বুলি মন্তব্য কৰে। কেন্দ্ৰ চৰকাৰখন বিগত সময়ছোৱাত কেৱল নিবাৰ্চনী বৈতৰণী পাৰ হবলৈকে জনজাতিকণৰ প্ৰসংগ উত্থাপন কৰি আহিছে বুলি অভিযোগ কৰিছে। আনহাতে অহা ৯ ফেব্ৰুৱাৰীত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বাৰ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰা বুলি মন্তব্য

কৰিছে। সংগঠনটোৰ নেতা গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ দাবীত ৯ ফেব্ৰুৱাৰীত বাৰ ঘণ্টীয়া ‘অসম বন্ধ’ ঘোষণা কৰা বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ পিছতো যদি জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহলে চৰকাৰখনে পৰিণাম ভুগিবলৈ সাজু থাকিব লাগিব বুলি সকীয়াই দিয়ে। নেতাগৰাকীৰ ভাষ্য অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ দৰে এখন জাতিধ্বংসী বিধেয়ক প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰখনে লোকসভাত গৃহীত কৰি অসমীয়াৰ জাতীয়তাবাদ ধ্বংসৰ লগতে চলিত ৰাজ্যসভাতো গৃহীত কৰিবলৈ গৈ অসমীয়াৰ জাতীয়তাবাদ সৰ্বকালৰ বাবেই ধ্বংস কৰাৰ কুচক্ৰান্ত কৰিছে। বিগত লোকসভাৰ নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ১৬ মে’ত বিদেশীয়ে অসমৰপৰা টালি টোপোলা বান্ধিব লাগিব বুলি উল্লেখ কৰিছিল। অথচ আজি সেই একেজন ব্যক্তিয়েই বিদেশীক স্বদেশী কৰাৰ যি পদক্ষেপ হাতত লৈছে তাতেই তেখেতৰ দুমুখীয়া চৰিত্ৰ প্ৰকট হৈছে। মিথ্যাচাৰ, প্ৰবঞ্চনাই অসমীয়াক আৰু দীৰ্ঘদিন মোহান্ধ কৰিব নোৱাৰিব বুলি মন্তব্য কৰি ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাত আঘাত সানি কেৱল ধৰ্মীয় দৃষ্টিকোণ এটা আগত ৰাখি বিদেশীক স্বদেশী কৰাৰ যি চক্ৰান্ত কৰিছে তাক টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই কেতিয়াও হবলৈ নিদিয়ে বুলি জানিবলৈ দিয়ে। ইফালে অসমৰ সামুহিক সংহতি বিনষ্ট কৰিব পৰা এই বিধেয়ক বাতিল আৰু আহোমকে ধৰি মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অতি শীঘ্ৰেই সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ ৯ ফেব্ৰুৱাৰীৰ পুৱা পাঁচ বজাৰপৰা বাৰ ঘণ্টীয়া সৰ্বাত্মক অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা বুলি ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here