Home মুখ্য পৃষ্ঠা লীলাবাৰীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

লীলাবাৰীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

191
0

দৈনন্দিন বাৰ্তা লাইভ, লখিমপুৰঃ জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি পুনৰ বিশাল জোঁৰ সমদলেৰে লখিমপুৰৰ ৰাজপথ কঁপাই তুলিলে আছুৱে । বহু বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনে চলাই অহা ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপেই আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই লীলাবাৰী শাখা ছাত্ৰ সন্থা, উজ্জ্বলপুৰ যুৱক সংঘ, বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত উজ্জ্বলপুৰৰ পৰা লীলাবাৰীলৈ এক বিশাল জোঁৰ সমদল বাহিৰ কৰি লীলাবাৰী অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে । আজি সন্ধিয়া ৭ বজাত উজ্জ্বলপুৰ তিনিআলিৰ পৰা বাহিৰ কৰা জোঁৰ সমদল কাৰ্যসূচীত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধনমণি দত্ত, জিলা কাৰ্যনিৰ্বাহক সদস্য দিগন্ত শইকীয়া, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ গগৈ, সাধাৰণ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁই, উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক পদ্মেশ্বৰ চুতীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক দিগন্ত ভূঞা, উজ্জ্বলপুৰ যুৱক সংঘৰ বিষয়ববীয়া, সদস্যকে ধৰি পাঁচ শতাধিক ছাত্ৰকৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি চৰকাৰ তথা বিধেয়ক বিৰোধী ধ্বনি দি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলাই নহয় অনাগত দিনত বিতৰ্কিত বিধেয়কখন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত অসমৰ ভাষা সাহিত্য সংস্কৃতি তথা জাতীয় অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই জাতিধ্বংসী সিদ্ধান্ত জাপি দিব বিচৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here