Home মুখ্য পৃষ্ঠা অসম বাজেট ২০১৯-২০, কিছু আশা আৰু প্ৰত্যাশা

অসম বাজেট ২০১৯-২০, কিছু আশা আৰু প্ৰত্যাশা

49
0

অভিজিৎ ভূঞা

অসম বিধানসভাত আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে ২০১৯-২০ বিত্তীয় বৰ্ষৰ এখন বিশাল বাজেট। ডিজিটেল মাধ্যমত পোৱা ১৬৫ পৃষ্ঠাৰ বাজেটখন আমিও পঢ়িলোঁ। পঢ়ি পোনচাটেই বাজেটখনক এখন জনমুখী, উন্নয়নমূলক বাজেট বুলি ক’ব পাৰি। বাজেটখনত অন্তৰ্ভুক্ত কৰা নতুন আঁচনিবোৰে জনসাধাৰণক উপকৃত কৰিব পাৰিব বুলি আশা কৰিব পাৰি যদিহে প্ৰকৃততেই বাজেটখনক চৰকাৰে বাস্তৱায়িত কৰে। কিন্তু তাকে নকৰি যদি পূৰ্বৰ বাজেটৰ দৰেই যদি এই বাজেটখন ফাইলতে আৱদ্ধ হৈ থাকে তেতিয়া হ’লে বাজেটৰ মূল্য নাথাকিব। দেখা গৈছে বিগত বৰ্ষৰ বাজেটখনত অন্তৰ্ভুক্ত কৰা বহু আঁচনি আজিও কাৰ্যকৰী কৰিব নোৱাৰিলে চৰকাৰে। ইফালে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লেপ্টপ আজিও ফাইলতে আৱদ্ধ থাকিল। তাৰ বিপৰীতে এইবাৰৰ বাজেটত অন্তৰ্ভুক্ত অন্ন, অৰুন্ধতী আদি আঁচনিৰ জৰিয়তে দৰিদ্ৰ জনতা উপকৃত হ’ব যদিহে মধ্যভোগীয়ে মাজতে হাত নাপাতে। চাহ জনগোষ্ঠীৰ জনসাধাৰণো উপকৃত হ’ব বাজেটখনৰ জৰিয়তে। আহোম ৰাজত্বকালৰ ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে চাওলুং চ্যুকাফাৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আসন স্থাপন, ৪২ গৰাকী স্বৰ্গদেউৰ স্মৃতিত চৰাইদেউত চুকাফা ক্ষেত্ৰ স্থাপন কৰিবলৈ লোৱা আঁচনিয়ে ছশবছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহ্যক বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় আৰু এনেদৰে আহোম জনগোষ্ঠীটোক আন এক মাত্ৰা দিব বুলি আশা কৰিব পাৰি। ঠিক তেনেদৰে মিচিং জনগোষ্ঠীটোৰ অন্যতম পুৰোধা ব্যক্তি ইন্দিৰা মিৰি, কোঁচ ৰাজবংশীৰ বীৰ চিলাৰায়, দেউৰী জনগোষ্ঠীৰ ভীমবৰ দেউৰীৰ নামত গ্ৰহণ কৰা আঁচনি কাৰ্যকৰী কৰিলে জনগোষ্ঠীকেইটাক চৰকাৰে আন এক মান্যতা প্ৰদান কৰিব পাৰিব বুলি ভাবিব পাৰি। আনহাতে বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাজেটখনত অন্তৰ্ভুক্ত কৰি দৰিদ্ৰ তথা মধ্যবিত্ত জনসাধাৰণৰ কাষ চাপিব বিচৰাটোৱে চৰকাৰখনক জনতাৰ চৰকাৰ বুলিব পাৰি বাজেটখন ওপৰে ওপৰে চালে। কিন্তু এই বাজেটখনৰ অন্তৰালত যে এটা বৃহৎ ৰাজনৈতিক অংক জড়িত হৈ আছে সেই কথা সহজেই অনুমান কৰিব পৰা হয়। কাৰণ সন্মুখত আছো লোকসভা নিবাৰ্চন। বৰ্তমান অসমৰ পৰিস্থিতিলৈ চাই আগন্তুক নিৰ্বাচন যে শাসনাধিস্থ চৰকাৰখনৰ বাবে সুবিধাজনক নহয় সেই কথা নিশ্চয় অৱগত। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে উত্তাল পৰিৱেশে বিৰাজ কৰাৰ সমান্তৰালভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত দৈনিক সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে দৈনিক ৰাজপথলৈ আহিছে জনসাধাৰণ। তেনে পৰিপ্ৰেক্ষিতত আগন্তুক নিৰ্বাচনত শাসনাধিস্থ চৰকাৰখনৰ ৰাজনৈতিক দলটোৰ পক্ষত ভোটদান নোহোৱাৰ শংকা সৃষ্টি হৈছে ইতিমধ্যেই। যাৰ বাবে বিত্তমন্ত্ৰীয়ে আজি প্ৰস্তুত কৰা বাজেটখনত সকলো শ্ৰেণীৰ লোককে সামৰি এখন জনমুখী উন্নয়নমূলক বাজেট দাখিল কৰিলে সদনত। এই বাজেটে যাতে জনসাধাৰণক আকৰ্ষিত কৰিব পাৰে তাৰ আশা কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈয়ে যে প্ৰতিশ্ৰুতিৰ সমাহাৰ ঘটাই আজি দাখিল কৰা হ’ল বাজেটখন।

ফোনঃ ৭০৮৬৫৭২৫৬৮

LEAVE A REPLY

Please enter your comment!
Please enter your name here