Home মুখ্য পৃষ্ঠা বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ প্ৰকৃতি আৰু আমি

বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ প্ৰকৃতি আৰু আমি

272
0

তুলসী হাজৰিকা

সাম্প্ৰতিক কালত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ আচৰণ বহুত পৰিৱৰ্তন দেখা গৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ভাৱ-ভাষা, শাৰীৰিক ভাষা, সাজ-পোছাক, হেয়াৰ ষ্টাইলৰ পৰা শৰীৰ বিভিন্ন অংগত কৰা টাটু, হাতত, কাণত, নাকত, চকুৰ চেলাউৰিত, হাতৰ আঙুলিত, ভৰিৰ আঙুলিত, ডিঙিত বিভিন্ন মালা (ল’ৰাৰ ডিঙিত) আদিয়ে অকল শিক্ষক সমাজকেই নহয়, সমাজৰ প্ৰতিজন লোকক চুই গৈছে। কোনোবাই যদি কৈছে এয়া পৰিৱৰ্তশীল পৰিবেশৰ স্বৰূপ। আকৌ আন কিছুলোকে ইয়াক ছাত্ৰ-ছাত্ৰীৰ তথাকথিত আধুুনিকতাৰ খোজত খোজ দিয়াৰ এক ব্যতিক্ৰমী প্ৰয়াস। বিদ্যালয় বা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতেই হওঁক বা বাহিৰতেই হওঁক, ক’ৰবাত যদি ছয়-সাতজন ছাত্ৰ-ছাত্ৰীয়ে গোট খাই থাকে তেনে অৱস্থাত কাষেৰে পাৰ হৈ যাবলৈ আপোনাৰ মোৰ অলপ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। বিদ্যালয়-মহাবিদ্যালয় বিলাকত কিবা অনুষ্ঠান পালন কৰিবলৈ যাওঁতে বিদ্যালয়-মহাবিদ্যালয়ৰ মুৰববীসকলৰ মূৰৰ কামোৰণি হয়। তেওঁলোকে ইয়াৰ বাবে জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত সাম্ভাব্য পৰিস্থিতিক চম্ভালিবলৈ আগতীয়া প্ৰস্তুতি চলাবলগীয়া হয়। কেতিয়াবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলগীয়া হয়। অনুষ্ঠান পৰিবেশনৰ ক্ষেত্ৰত সীমাবদ্ধতা বিশেষকৈ শালীনতাৰ ক্ষেত্ৰত, অনুষ্ঠানৰ সময়সূচী, অখাদ্য সেৱনৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী ইত্যাদি-ইত্যাদিৰ ক্ষেত্ৰত কৰ্তৃপক্ষই কাঢ়া দৃষ্টি ৰাখিবলগীয়া হয়। নহ’লে কোন সময়ত কি ঘটিব আৰু তাৰ ফলাফল কি হ’বগৈ এটা অতি চিন্তনীয় বিষয়।
ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণত সমস্যাবিলাক খুউব কম সময়ৰ ব্যৱধানত সলনি হোৱা সকলোৱে প্ৰত্যক্ষ কৰিছে। ছাত্ৰ-ছাত্ৰীয়ে মাক-দেউতাকৰ কথা নুশুনে। অভিভাৱকে শিক্ষকক অভিযোগ দিম বুলি ভাবুকি দিলেও কাম নিদিয়ে। আগৰ দিনত কোনো অভিভাৱকে নিজ সন্তানৰ অমংগলীয়া বিষয়বোৰ শিক্ষকক লগাই দিম বুলি ছাত্ৰ-ছাত্ৰীৰ বুকু কঁপি গৈছিল আৰু তেনেধৰণৰ কামৰ পৰা নিজক বিৰত ৰাখিছিল। কিন্তু আজিৰ দিনৰ কথা সুকীয়া কোনো অভিভাৱকে নিজ সন্তানৰ মংগলৰ কাৰণে শিক্ষকৰ ওচৰ চাপিলেও শিক্ষকে এক নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিহে কাম কৰিব পাৰিব। বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ সুযোগ লোৱা দেখা যায়। ই কিয় হৈছে· বা ইয়াৰ কাক জগৰীয়া কৰিব পাৰি, তাৰ উত্তৰ বিচাৰি পোৱা ইমান সহজ নহয়। আজিৰ ছাত্ৰ-ছাত্ৰী অকল তেওঁলোকৰ ঘৰৰ পৰিবেশ বা বিদ্যালয়ৰ পৰিবেশ আৰু তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমাজখনৰ অভিজ্ঞতাৰে পুষ্ট নহয়। তেওঁলোকে এখন বিশাল সমাজ য’ত নেকি তেওঁলোকৰ ৰুচি অনুযায়ী ক্ষন্তেকতে আৰু সহজাতে পাব পৰা তথ্য সমৃদ্ধ ইলেক্ট্ৰ’নিক জগতত বাস কৰে। গতিকে পোনচাটেই বিদ্যালয়ৰ পৰিবেশ, ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা পৰিবেশ বা তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমাজখনক জগৰীয়া কৰাটো সমীচিন নহ’ব।
এইখিনিতে যদি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাসত ভূমূকি মাৰো তেতিয়া দেখা পোৱা যায় যে প্ৰাক ইতিহাসৰ পৰা ১০০০ খ্ৰীষ্টপূৰ্বলৈ বৈদিক যুগ, খ্ৰীষ্টপূৰ্ব ১০০০ বছৰৰ পৰা প্ৰায় ২০০ খ্ৰীষ্টপূৰ্বলৈ উপনিষদৰ যুগ, খ্ৰীষ্টপূৰ্ব দুশ বছৰৰ পৰা পাঁচশ খ্ৰীষ্টাব্দলৈ ধৰ্মশাস্ত্ৰৰ যুগ, পাঁচশ খ্ৰীষ্টাব্দৰ পৰা ১২০০খ্ৰীষ্টাব্দলৈ পুৰাণ আৰু নিবন্ধৰ যুগ। ইয়াৰ পাছত মুছলমান যুগৰ শিক্ষা ব্যৱস্থা, খ্ৰীষ্টান নিছনেৰীসকলৰ শিক্ষা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শিক্ষা আৰু এইদৰে আহি আহি প্ৰাদেশিক স্বায়ত্ত শাসনত শিক্ষা, স্বাধীন ভাৰতত শিক্ষা য’ত নেকি বিভিন্ন আয়োগৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সংস্কাৰ এক দীঘলীয়া পৰিক্ৰমাৰে বৰ্তমান অৱস্থাত পাইছেহি। ভাৰতীয় শিক্ষা এই দীঘলীয়া মন্থৰ গতিত ক’ত কি ধৰণেৰে আমাৰ আলোচ্য বিষয়টিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে তাক কোৱা সম্ভৱ নহয়।
প্ৰায়ে বিভিন্ন সময়ত সমাজৰ বিভিন্ন স্তৰত আৰু বিভিন্ন গোটৰ মাজত হোৱা আলোচনাত বা কথোপকথনত এটা কথাই সততে স্থান পোৱা দেখা যায় যে আজিকালি ছাত্ৰ-ছাত্ৰীসকল বহুত আৰু বহু ক্ষেত্ৰত সলনি হ’ল, আমাৰ দিন আৰু এতিয়াৰ কথা ভাবিলে আচৰিত যেন লাগে। আজিকালি ছাত্ৰ-ছাত্ৰীসকলৰ যি আদব-কায়দা আমাৰ দিনত সেয়া কল্পনাৰো বাহিৰত আছিল। যদিও কোনো কোনোৱে অলপ মৰসাহ কৰিছিলো, সিও তিস্তিব নোৱাৰিছিল বা চিধা হৈ গৈছিল। এই কথোপকথনত শিক্ষক, মাক-দেউতাক, অভিভাৱকৰ আৰু সমাজৰ ভূমিকা, বুজনিয়েই হওঁক বা চেকনিয়েই হওঁক তেওঁলোকক যে নিজৰ উদ্দেশ্য সাধনত সঠিক পথত ৰাখিছিল, তাক বুজিব পৰা যায়।
সমাজৰ প্ৰতিজন শিশু আমাৰ শিশু আৰু তেওঁলোকৰ ভাল-বেয়া, কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতা সকলোখিনিৰ আমি সমভাগি হ’বই লাগিব। কোনো অভিভাৱকে নিজৰ সন্তানক Isolated কৰি ৰাখিব নোৱাৰে আৰু আনৰ সন্তান বেয়া হৈছে মোৰ কি হানি হ’ল এনে ধাৰণা লৈ আশ্বস্তও হ’ব নোৱাৰে আৰু হোৱাটো উচিতো নহয়। বহুক্ষেত্ৰত নিজৰ সন্তানক নিয়ন্ত্ৰণ কৰাই বহু মস্কিল কাম তাতে আকৌ আনৰ সন্তানক বুজনি দিয়া বা নীতি শিক্ষাৰ পাঠ দিবলৈ গ’লে হোৱা বিপদ সহজেই অনুমেয়। বহুক্ষেত্ৰত সমাজৰ কিছু লোকে মৰেল পুলিচৰ ভূমিকা লোৱা বৰ্তমান সময়ত দেখা পোৱা যায়, সেয়া গ্ৰহণযোগ্য নহয়। অৱশ্যে শিক্ষকৰ ভূমিকা এইক্ষেত্ৰত বৰ গধুৰ। আজিকালি শিক্ষকে বহু সীমাবদ্ধতাৰ মাজত কাম কৰিব লাগে। আগৰ দিনত শিক্ষকেই সৰ্বেসৰ্বা আছিল। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে শিক্ষকে নিজৰ সুবিধা মতে নিজাববীয়াকৈ, প্ৰয়োজনত কঠোৰ ব্যৱস্থা পৰ্যন্ত ল’ব পাৰিছিল। অভিভাৱকে তেনে শিক্ষকৰ যিকোনো কাৰ্যক বিনা প্ৰতিবাদে মানি লৈছিল আৰু কোনো কাৰণতে নিজ সন্তানৰ প্ৰতি থকা স্নেহক অযথা প্ৰশ্ৰয় দিয়া দেখা নগৈছিল। আজিৰ দিনত আমি অভিভাৱকসকল বহু পৰিমাণে সন্তানৰ ক্ষেত্ৰত বিবেকতকৈ আবেগক প্ৰশ্ৰয় দিওঁ।
এইখিনিতে মোৰ দূৰ সম্পৰ্কীয় এজন জ্যেষ্ঠ ভাতৃৰ এটা দিনৰ অভিজ্ঞতা ব্যক্ত কৰিলো। ব্যক্তিজন এজন সৌভাগ্যৱান পিতৃ। তেওঁলোকৰ পৰিয়ালটো অতি উচ্চ শিক্ষিত আৰু উচ্চ সংস্কৃতিবানো। তেওঁলোকৰ সন্তান ওজা ছাত্ৰ। এদিন সন্তানৰ বিদ্যালয় বন্ধ আছিল। পৰিবাৰেও চাকৰি কৰে। দুয়ো পুৱাই কৰ্তব্যলৈ ৰাওনা হ’ল আৰু ঘৰত থাকিল তেওঁলোকৰ সন্তান যি দশম শ্ৰেণীৰ ছাত্ৰ। পিতৃয়ে সন্তানক ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি আগতীয়াকৈ দিহা দি যোৱা মতে সময় পাৰ কৰিবলৈ কৈ গ’ল। সন্তানৰ কথা কৈছোৱেই পিতৃ-মাতৃৰ বাক্য আখৰে আখৰে পালন কৰা সন্তান। সেইদিনাও তাৰ কোনো ব্যতিক্ৰম নহয় বা হ’ব নোৱাৰে। পিতৃয়ে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সন্তানৰ খবৰ লৈ আছে। সকলো ঠিকেই আছিল। দিনৰ বাৰ মান বজাত পিতৃলৈ সন্তানৰ ফালৰ পৰা ফোনকল আহিল, দেউতা মোক লগ কৰিবলৈ আমুক ল’ৰাটো আহিছে, কি কৰো, দুৱাৰ খুলি দিওনে, নে নীৰৱে সোমাই থাকো। সেই ল’ৰাটো তেওঁলোকৰ অলপ সম্পৰ্কীয় আৰু এই ল’ৰাজন যে আজি ঘৰত আছে সেই আলহী ল’ৰাজনৰ অভিভাৱকৰ জ্ঞাত। সকলোৱে নিজৰ সন্তানক ভাল সংগ ল’বলৈ উৎসাহ দিয়ে। তেওঁলোকো ইয়াৰ ব্যতিক্ৰম নহয়। পিতৃৰ নিজ পুত্ৰৰ ওপৰত অগাধ বিশ্বাস। সিদ্ধান্ত ল’বলৈ পুত্ৰৰ ওপৰতেই এৰি দিলে। পুত্ৰই সকলো কথা বিবেচনা কৰি সেই বন্বুূক ভিতৰলৈ সোমাবলৈ দিলে। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু এই গোটেই কাহিনীটো বৰ্ণনা কৰি এই বিশেষ অভিভাৱক পিতৃয়ে যি অনুভৱ ব্যক্ত কৰিলে সি অতিকে চিন্তণীয় বিষয়। কথাটো এনেকুৱা, এদি তেওঁক পুত্ৰই অভিযোগ কৰিছিল এইবুলি– ‘দেউতা, আমুকে জানানে বৰ বেয়া কথা কয়, সি বহু কিবা কিবি খায়, দিনটো সি চাইকেল চলাই ঘূৰি ফুৰে। হাতত তাৰ দামী মোবাইল হেণ্ডছেট। দেউতাকে সুধো-নুসোধোকৈ বহু মানসিক প্ৰস্তুতিৰে পুত্ৰক সুধিলে, কচোন, সি কি কি বেয়া কথা কয়। সন্তানে নিজৰ বয়সতকৈ বহু Maturity দেখুৱাই ক’লে যে তেওঁ সেইবিলাক পিতৃৰ আগত ব্যক্ত কৰিব নোৱাৰে। পিতৃৰ সেইদিনা ঘৰ আহি নোপোৱাকৈলে বোলে বুকুখন হেনো এক অজান ভয়ত বিষাই থাকিল।
শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে সম্ভৱপৰ সকলো চেষ্টাই কৰিছিল, কৰি আছে আৰু কৰি থাকিব। যিকোনো মানুহৰ শৰীৰৰ গঠন, আচৰণৰ প্ৰকৃতি, বিভিন্ন দিশত থকা প্ৰৱণতা, আগ্ৰহ, মনোভাৱ, বৌদ্ধিক সামৰ্থ্য আদি সংলক্ষণ সমূহ একগোট খোৱা ধাৰণাটোৱেই হ’ল ব্যক্তিত্ব। একে কেইবিধ ৰঙৰ পৰাই বিভিন্ন ধৰণৰ চিত্ৰ অংকিত হয়। একেখিনি শব্দকে ব্যৱহাৰ কৰি কবিয়ে বিভিন্ন ধৰণৰ কবিতা লিখে। ঠিক তেনেকৈ একেখিনি ধাৰণাৰে একত্ৰিত হৈ আমাৰ ভিন ভিন ব্যক্তিত্বৰ সৃষ্টি হৈছে। আমি আমাৰ ভৱিষ্যত দ্ৰষ্টা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এক সুনিয়োজিত আঁচনিৰ দ্বাৰা আমাৰ আকাংক্ষিত ধাৰাত আনিবই লাগিব। ইয়াৰ উপায় হিচাপে আমি কি কৰিব পাৰো। যিমান দূৰ মই ভাবি পাইছো তাৰ পৰা মোৰ মনলৈ অহা উপায়টো হ’ল– আধ্যাত্মিক শিক্ষা আমাৰ বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালৰ পাঠ্যক্ৰমত আধ্যাত্মিক শিক্ষাক অন্তৰ্ভুক্ত কৰিব লাগিব নেকি· অসম তথা ভাৰতবৰ্ষৰ জনগণ, বিভিন্ন ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা, আৱেগ-অনুভূতি, আদৰ্শৰ দ্বাৰা পৰিচালিত। তেনেস্থলত আধ্যাত্মিক শিক্ষা সকলোৰে বাবে গ্ৰহণযোগ্য হ’বনে· আধ্যাত্মিকতাই কেৱল আমাৰ মন, আৱেগ আৰু শাৰীৰিক স্বাস্থ্যকেই নুবুজায়, বহুক্ষেত্ৰত ই অদৃশ্যমান। কিন্তু এক পূৰ্ণাংগ আৰু সুস্থ জীৱন-যাপন কৰিবলৈ ই হ’ল এক প্ৰকৃত আৰু মুখ্য অংগ। আধ্যাত্মিক শিক্ষাৰ ধৰ্মীয় আৱৰণটো আঁতৰাই থৈ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষভাৱে সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পৰাকৈ আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হওঁক। য’ত নেকি ছাত্ৰ-ছাত্ৰীয়ে সৰু কালৰে পৰা দয়াশীলতা, কৃতজ্ঞতা, সহানুভূতি আদি অনুশীলন কৰিব। আমাৰ পাঠদান কাৰ্য যদি পুৱা ১৫-২০ মিনিট সময় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ ধ্যান কাৰ্যৰ দ্বাৰা আৰম্ভ হয়। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনবিলাক পুৱাই পৰিস্কাৰ হৈ পৰিব আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে যিহেতু বিভিন্ন পৰিবেশৰ পৰা আহে আৰু এই আধুনিক আধ্যাত্মিক অনুশীলনৰ দ্বাৰা তেওঁলোকে সমূহীয়া ভাৱে দিনটো মহৎ কাৰ্য যেনে প্ৰকাশ আৰু সৃষ্টিশীলতাৰ প্ৰতি অগ্ৰসৰ হ’ব।
ধ্যান এক বিজ্ঞানসন্মত ব্যৱস্থা আৰু ইয়াক পৃথিৱীৰ বহু দেশৰ নাগৰিকে তেওঁলোকৰ জীৱনৰ এটা নিয়মীয়া অনুশীলন হিচাপে লৈছে। ই হ’ল খৰচবিহীন আৰু সহজ উপায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here