Home মুখ্য পৃষ্ঠা টাই আহোম যুৱ পৰিষদ, অসমৰ ‘অসম বন্ধ’লৈ সম্পূৰ্ণ নৈতিক সমৰ্থন আহোম জাতীয় গণ...

টাই আহোম যুৱ পৰিষদ, অসমৰ ‘অসম বন্ধ’লৈ সম্পূৰ্ণ নৈতিক সমৰ্থন আহোম জাতীয় গণ মঞ্চ অসমৰ 

320
0

দৈনন্দিন বাৰ্তা লাইভ,মৰাণঃ
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আৰু ছয় জনগোষ্ঠীক জনজাতি প্ৰদানৰ দাবীত ৯ ফেব্ৰুৱাৰী শনিবাৰে টাই আহোম যুৱ পৰিষদ, অসমে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰতি সম্পূৰ্ণ নৈতিক সমৰ্থন আগবঢ়াইছে আহোম জাতীয় গণ মঞ্চ অসমে। এক প্ৰেছ বিবৃতি যোগে আহোম জাতীয় গণ মঞ্চ, অসমৰ সহঃকাৰী সম্পাদক অকন ভূঞাই জানিবলৈ দিছে।

বিবৃতিত উল্লেখ কৰা মতে আহোম জাতীয় গণ মঞ্চ,অসমে অসম বন্ধ দৰে কাৰ্যসূচী হাতত নলয় বা সমৰ্থন নকৰে যদিও কেন্দ্ৰীয় চৰকাৰে জাতি-ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ লোৱা সিদ্ধান্ত প্ৰতিবাদত আৰু ছয়-জনগোষ্ঠীক জনজাতিকৰণত কৰা চৰম প্ৰতাৰণা প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ, অসমে ৯ ফেব্ৰুৱাৰীত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰতি সম্পূৰ্ণ নৈতিক সমৰ্থন আগবঢ়াইছে।

অসমীয়া জাতি ভেটি,ভাষা-সংস্কৃতি সংকটৰ সময়ত আহোম জাতীয় গণ মঞ্চ অসমে সদায় অসমীয়া হকে মাত মাতি যাব বুলিও বিবৃতিত উল্লেখ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here