Home মুখ্য পৃষ্ঠা ১০ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ প্ৰথম বাৰ্ষিক অধিৱেশন

১০ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ প্ৰথম বাৰ্ষিক অধিৱেশন

141
0

দৈনন্দিন বাৰ্তা লাইভ, টিংখাংঃ
অসম বাৰ্তাজীৱী সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন ১০ ফেব্ৰুৱাৰীত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰিব সংঘৰ জিলা সমিতিৰ সভাপতি অমৰজ্যোতি আৰন্ধৰা আৰু সাধাৰণ সম্পাদক দীপজয় শইকীয়াই ।

পুৱা ৯-৩০ বজাত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংসৰ উপদেষ্টা মানসজ্যোতি আৰন্ধৰাই বৃক্ষৰোপন কৰিব । ১০ বজাত অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ সভাপতি কমল তালুকদাৰে প্ৰতিনিধি সভা উদ্বোধন কৰিব । ইয়াৰ পাছতে সভাপতি অমৰজ্যোতি আৰন্ধৰাৰ সভাপতিত্ব অনুষ্ঠিত হব মুকলি সভা আৰু আলোচনা চক্ৰ ।

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বচ্ছ ভাৰত অভিযানৰ বেণ্ড এম্বেচাডৰ ড° শশীকান্ত শইকীয়াই উদ্বোধন কৰিব লগা মুকলি সভা আৰু আলোচনা চক্ৰখনত মুখ্য অতিথি হিচাপে সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কেশৱ কলিতা উপস্থিত থাকিব । নিদিষ্ট বক্তা হিচাপে সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টুটুমণি ফুকনে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ।

আমন্ত্ৰিত অতিথি হিচাপে ডিব্ৰুগড় আৰু লাহোৱাল সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে প্ৰশান্ত ফূকন ঋতুপৰ্ণ বৰুৱা ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথিৰ কছাৰী সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ইকবাল আহমেদ অসম বাৰ্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মা দক্ষিন পূৱ মণ্ডলৰ সম্পাদক অঞ্জন বৰা ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱতী বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মনজিৎ বৰা ডিব্ৰুগড় ই-মিডিয়া ফ’ৰামৰ সভাপতি অনিল পোদ্দাৰ অসম সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here