Home অসম সোণাৰি থানাত বিজেপি নেতাৰ দাদাগিৰি, সৰ্বত্ৰে প্ৰতিক্ৰিয়া

সোণাৰি থানাত বিজেপি নেতাৰ দাদাগিৰি, সৰ্বত্ৰে প্ৰতিক্ৰিয়া

106
0

দৈনন্দিন বাৰ্তা লাইভ,(অভিজিৎ ভূঞা,সোণাৰি
ক্ষমতাৰ ৰাগীত গুৰু গোসাঁই নমনা হৈছে একাংশ বিজেপি নেতা-পালিনেতাই। চৰাইদেউ জিলাৰ সোণাৰিতো তেনে এজন নেতাৰ দপদপনিত অতীষ্ঠ হৈছে জনসাধাৰণ। সোণাৰিৰ এইজন বিজেপি নেতাৰ শেহতীয়া কৰ্মকাণ্ডত সমগ্ৰ চৰাইদেউ জিলাৰ লগতে সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।অভিযোগ অনুসৰি সোণাৰি নগৰৰ ন’ পাৰ্কিং জ’নত গাড়ী ৰখাৰ বাবে সোণাৰি আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই কালি এখন গাড়ী জব্দ কৰি সোণাৰি থানালৈ লৈ আহে। পিছত গাড়ীখন এগৰাকী বিজেপি নেতাৰ বুলি চিনাক্ত হয়। এইগৰাকী বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা এ পি ডিচি এলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰুহিত ।

এইজন বিজেপি নেতা ৰাজপুৰুহিতৰ ব্যক্তিগত গাড়ীখনৰ চালকক আৰক্ষীয়ে জৰিমনা বিহাৰ বাবেই বিজেপি নেতা জনৰ তামাম খং। সেই খঙতে এইজন বিজেপি নেতাই খুদ সোণাৰি থানাত নিজৰ চালক জনক লগত লৈ গৈ সোণাৰি আৰক্ষী থানাৰ যান বাহন পৰিদৰ্শক জনৈক বাৰিকক ভাবুকি প্ৰদান কৰে। বিজেপি নেতাজনে ‘আৰক্ষীয়ে মোৰ ড্ৰাইভাৰক কিয় মাৰপিট কৰিলে’ বুলি আৰক্ষী থানাতে বিষয়াজনৰ লগত খণ্ড যুদ্ধত লিপ্ত হয়। বিজেপি নেতা আৰক্ষী বিষয়াৰ খণ্ডযুদ্ধৰ এই সমগ্ৰ ভিডিঅ’ এতিয়া আমাৰ হাতত। সচাঁকৈ, হাতত ক্ষমতা থাকিলে যে মানুহে কি কৰিব নোৱাৰে ? লাগিলে সেই জন মেট্ৰিক পাছেই নহঁওক কিয় , লাগিলে আপুনি পঢ়া শুনা কৰি ডিগ্ৰী লৈ অফিচাৰ ৰেংকত সৎ কৰ্মৰত পৰিচালনা কৰি আছে কৰ্ম জীৱন । কি কৰিব ভাগ‍্যৰ লিখন!! এতিয়া মাত্ৰ ক্ষমতা আৰু ক্ষমতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here