Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কৌৰৱৰ দৰে এতিয়া ৰাইজে জানে অমিত শ্বাহ, মোডীৰ নামহ

কৌৰৱৰ দৰে এতিয়া ৰাইজে জানে অমিত শ্বাহ, মোডীৰ নামহ

77
0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ এদিনৰ পাছতে অসমত প্ৰাক্তন
প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ অতি বিশ্বস্ত মন্ত্ৰী যশৱন্ত সিনহা

দৈনন্দিন বাৰ্তা লাইভঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৌৰৱৰ সৈতে ৰিজালে প্ৰাক্তন বিত্তমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী যশৱান্ত সিংহই। ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূবতে ক্ষোভৰ জুই জ্বলি থকাৰ সময়ত বিধেয়কখন ৰাজ্যসভাত গৃহীত নহয় বুলি অভয় বাণী প্ৰদান কৰিছে। উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম ভ্ৰমণ কৰাৰ এদিনৰ পাছতে অসমলৈ অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ অতি বিশ্বস্ত মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা যশৱন্ত সিন্হাই আজি গুৱাহাটীত এক বক্তৃতানুষ্ঠানত এইদৰে কয়। প্ৰয়াত অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী সিন্হাই কয়– ‘মই অসমলৈ অহাৰ আগত বিভিন্নজনৰ সৈতে কথা পাতি যি বুজিলো, বিজেপিৰ বাহিৰে ৰাজ্যসভাত এই বিধেয়কক কোনেও সমৰ্থন নকৰে। তেনে ক্ষেত্ৰত বিজেপিয়ে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাব নোৱাৰিব’। আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পক অসম নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি শংকাত থকা উত্তৰ-পূববাসীক এই আশ্বাস প্ৰদান কৰে প্ৰাক্তন বিজেপি নেতাজনে। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখন সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি কেইবাটাও দিশৰ পৰা ত্ৰুটিপূৰ্ণ বুলি দাবী কৰে। ‘এনেকুৱা এখন ভুল বিধেয়ক ৰাজ্যসভাৰ সভাপতি, উপ-সভাপতি বা প্ৰিজাইডিং অফিচাৰে সদনত হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজেৰে গৃহীত কৰোৱাৰ চেষ্টা কৰিবলৈও সাহস নকৰিব”, পূৰ্বে বিত্ত, বৈদেশিক পৰিক্ৰমা আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা সিনহাই কয়। আনহাতে প্ৰধানমন্ত্ৰী মোডীক কৌৰৱৰ সৈতে ৰিজাই প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন নেতা সিনহাৰ মতে, পাণ্ডৱৰ পাঁচজন ভাতৃৰ নাম সকলোৱে জানে। কিন্তু কৌৰৱৰ আছিল এশজন ভাতৃ। তাৰে দুই বা তিনিজনৰ নামহে মানুহে জানে। বৰ্তমান চৰকাৰখনক কৌৰৱৰ সৈতে তুলনা কৰি বিজেপিৰ প্ৰাক্তন নেতাজনে কয়– কৌৰৱৰ দৰে এতিয়া ৰাইজে মাথোঁ অমিত শ্বাহ আৰু মোডীৰ নামহে জানে। ইয়াৰ লগতে তেওঁ মোডীয়ে একনায়কত্ববাদ চলাইছে বুলি উল্লেখ কৰি কয়– বিজেপিক তুলি-তালি গঢ়া লালকৃষ্ণ আদৱানিক এঘৰীয়া কৰিলে মোডীয়ে। যি ইচ্ছা তাকেই কৰে মোডীয়ে। এতিয়া সমগ্ৰ দেশ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হয়। বাকীবোৰ বিভাগ থাকিব লাগে কাৰণে আছে, কিন্তু গুৰুত্বহীন। নিজৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁ লগতে কয়– বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেওঁ বিদেশীলৈ গ’লে বিদেশ মন্ত্ৰীক লৈ গৈছিল। কিন্তু এতিয়া বিদেশলৈ কেৱল প্ৰধানমন্ত্ৰীহে যায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী ঘৰতে বহি থাকে। এতিয়া সুষমা স্বৰাজ মূল্যহীন। আনহাতে এনৰেগা আঁচনিক এদিন মোডীয়ে গালি পাৰিছিল বুলি উল্লেখ কৰি কয়– বিমুদ্ৰাকৰণৰ ফলত বহু লক্ষাধিক যুৱকে চাকৰি হেৰুৱালে। এতিয়া তেওঁলোকে এনৰেগা আঁচনিৰ জৰিয়তে জীৱিকাৰ পথ বাছি লৈছে। বিমুদ্ৰাকৰণৰ জৰিয়তে সুফল আহিব বুলি ভবা হৈছিল যদিও এতিয়া ৰাইজে কু-ফল ভোগ কৰিছে। বিমুদ্ৰাকৰণৰ ফলত লাখ লাখ মানুহ নিবনুৱা হোৱাৰ ফলত এনৰেগাৰ বাজেট ৪২ হাজাৰ কোটিৰ পৰা ৬২ হাজাৰ কোটি টকা কৰিব লগা হৈছে। ৰাফেল চুক্তি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা প্ৰাক্তন মন্ত্ৰী যশৱান্ত সিনহাই কয়– ২০১৪ চনৰ নিৰ্বাচনত মই বিজেপিৰ হৈ খাটিছিলো। তেতিয়া দলটোক শাসনলৈ আনিবলৈ মই যিখিনি পাৰিছিলো কৰিছিলো। কিন্তু এটা সময় আহিল, ২০১৭ চনৰ ছেপ্টেম্বৰত। তেতিয়া মোৰ এনে লাগিল যে মোৰ দৰে এজন মানুহ আৰু মৌন হৈ থকা উচিত নহয়। চৰকাৰৰ কাম-কাজ প্ৰত্যক্ষ কৰি তেওঁৰ নিৰাশা বাঢ়ি গৈছিল বুলি উল্লেখ কৰি যশৱান্ত সিনহাই কয়– কেবিনেট ব্যৱস্থা এতিয়া ধবংস হোৱাৰ পথত। সংসদৰ কাম-কাজ অচল। প্ৰধানমন্ত্ৰী সদনত উপস্থিত নাথাকে। বিপক্ষৰ সৈতে কথা নাপাতে। একেবাৰে কম সময় সদন চলে। কেৱল নম্বৰেৰে গণতন্ত্ৰ নচলে। অটল বিহাৰী বাজপেয়ীয়ে এনেকুৱা হ’বলৈ কেতিয়াও দিয়া নাছিল। ইপিনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এইখনেই শেষ সংসদৰ অধিৱেশন, গতিকে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাব নোৱাৰিলে আগলৈ আৰু নোৱাৰে বুলিও সিনহাই মন্তব্য কৰে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ বিজেপি পুনৰ কেন্দ্ৰত শাসনলৈ নাহে বুলি এটা পূৰ্বানুমান দাঙি ধৰে। ‘মই আত্মবিশ্বাসেৰে কওঁ এই চৰকাৰখন আৰু দ্বিতীয়বাৰলৈ জয়ী হ’ব নোৱাৰে’। এনেদৰে দাবী কৰে সিনহাই। অহা লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ-পূবত যাতে এখনো আসন নাপায় তাৰ বাবে উত্তৰ-পূবৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈও তেওঁ আহ্বান জনায়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে উত্তৰ-পূবৰ ৰাইজৰ লগত তেওঁ পূৰ্ণ শক্তিৰে থাকিব বুলি কৈ যেতিয়াই প্ৰয়োজন হয় এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ যুদ্ধত নামিবলৈও সাজু বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে যশৱন্ত সিনহাৰ পুত্ৰ জয়ন্ত সিনহা বিজেপিৰ এজন সাংসদ আৰু তেওঁ মোডী চৰকাৰৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here