Home অসম বীনাপানী বাগদেৱীৰ বন্দনাৰে মুখৰ ৰাজ্য

বীনাপানী বাগদেৱীৰ বন্দনাৰে মুখৰ ৰাজ্য

92
0

ভাৰত মাতা আৰ্হিত জিলিকিছে দেৱী সৰস্বতী
বিদ্যালয়-মহাবিদ্যালয়ত চলিল দেৱী অৰ্চনাঃ চেল্ফি প্ৰেমীৰে ভৰি পৰিল শিৱসাগৰ বৰপুখুৰীৰ পাৰঃ পুৱাৰ পৰাই
শিৱদলত ছাত্ৰ-ছাত্ৰীৰ পূজা-অৰ্চনাঃ সৰস্বতী পূজাত হৰিষতে বিষাদ–তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনাত আহত তিনি যুৱক

দৈনন্দিন বাৰ্তা লাইভ, বিশেষ প্ৰতিনিধি, শিৱসাগৰঃ স্বৰস্বতী পুজা। স্বৰস্বতী পুজা বুলিলেই ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ অহা বিষয়টোৱেই হৈছে শিক্ষাৰ দেৱীক বছৰটোত এবাৰ আৰাধনা কৰাৰ স্পৃহা। বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰীসকলে অধিৰ আগ্ৰহৰে বাট চাই থাকে বিদ্যাৰ মন্দিৰত অধিষ্ঠিতা এইগৰাকী শিক্ষাৰ দেৱীক আৰাধনা কৰিব পৰা বিশেষ দিনটোৰ বাবে। আজি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ স্কুল-কলেজসমূহতোা বীনাপানী বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিল । অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে সবাটোতকৈ মধুৰ ক্ষণ হিচাপে পৰিচিত দেৱী স্বৰস্বতী পুজাৰ পবিত্ৰ দিনটোত সমগ্ৰ শিৱসাগৰ চহৰখনতেই আজি পুৱাৰে পৰা বিয়লি লৈকে দেখা গল ছাত্ৰ-ছাত্ৰীৰ পাৰভঙা উচাহ। সম্পুৰ্ণ ৰং-বিৰঙৰ পোছাক পৰিধানেৰে ন’কইনাৰ সাঁজত লয়লাস ভংগীমাৰে পুৱাই বিদ্যালয়-মহাবিদ্যালয় প্ৰাঙ্গনত ছাত্ৰী সকলে পুৱা-অৰ্চনা কৰাৰ লগতে বছৰটোৰ মঙ্গল কামনা কৰে। শিৱসাগৰ মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ লগতে জিলাখনৰ সকলোবোৰ আগশাৰীৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত আজিৰ দিনটোত দেখা গল এক উৎসৱমুখৰ পৰিবেশ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আজি সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শোভাকাংশী সকলেও দেৱীৰ আশীষ বিচাৰে। এই উপলক্ষে মহাবিদ্যালয় প্ৰাঙ্গনত বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে এক অনানুষ্ঠানিক মতঃবিনিময়ত মিলিত হয়। কাহিলিপুৱাতে বেদীত বীনাপানী বাগদেৱীক মন্ত্ৰোশ্লোকৰ বানী আৰু বেল-বোধনৰ মাজেৰে প্ৰতিষ্ঠা কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলে দেৱী বীনাপানী বাগদেৱীৰ পৰা বিচাৰে আৰ্শীবাদ। স্বৰস্বতী পুজা উপলক্ষে শিৱসাগৰত আজিৰ দিনটো হৈ পৰে ৰঙীন। আজি শিৱসাগৰ শিৱদ’লত পুৱাৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক ভিৰ দেখা যায়। বছৰটোৰ মঙ্গল কামনা কৰি ছাত্ৰ-ছাত্ৰী সকলে শিৱদ’লত চাকী-বন্তী জ্বলোৱাৰ লগতে নৈবদ্য আগবঢ়ায়। ইফালে বিগত সময়ৰ দৰে এইবাৰো শিৱসাগৰৰ প্ৰাচীন কৃতিচিহ্ন সমূহৰ লগতে পাৰ্ক-ৰেষ্টুৰাত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক ভিৰ দেখা যায়। বিদ্যালয়-মহাবিদ্যালয়ত ভক্তিমূলক প্ৰাৰ্থনাৰ গীত বাজি উঠাৰ বিপৰীতে পাৰ্ক-ৰেষ্টুৰাত বাজি উঠা জনপ্ৰিয় অসমীয়া গীত চেলফি লে লে ৰে গীতৰ তালে তালে একাংশ ছাত্ৰীয়ে নাচি-বাগি বান্ধৱীৰ সৈতে চেল্ফি লোৱাও দেখা যায়। অৱশ্যে বিগত বৰ্ষৰ তুলনাত শিৱসাগৰ চহৰত এইবাৰ ৰোডচাইড ৰোমিঅৰ সংখ্যা হ্ৰাস পোৱাত এই বাতৰি প্ৰেৰণ কৰালৈকে শান্তিপুৰ্ণভাৱে স্বৰস্বতী পুজা উদযাপন কৰা পৰিলক্ষিত হৈছে।

গহপুৰৰ সমূহ শিক্ষানুষ্ঠানত সৰস্বতী পূজা উদযাপনঃ ছাত্ৰ ছাত্ৰী সকলে আশীষ ল’লে বাক দেৱীৰ চৰণত

দৈনন্দিন বাৰ্তা লাইভ, হেলেমঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে গহপুৰৰ শিক্ষানুষ্ঠান সমূহতো উদ্যাপিত হ’ল বাকদেৱীৰ পূজা। শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীক পূজাৰ নিমিত্তে ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে বাগ দেৱীৰ পূজা অৰ্চনাত। ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰ শংকৰদেৱ শিশু নিকেতন,গহপুৰ ছোৱালী হাইস্কুল,গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,গহপুৰ টাউন হাইস্কুলকে আদি কৰি গহপুৰৰ সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ ব্যাপক উছাহ উদ্দীপনা দেখা গ’ল। উল্লেখ্য যে গহপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন প্ৰাচীৰ পত্ৰিকা সম্পূৰ্ণ কৰি উলিওৱা হয়। নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰেঙনি প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে কবি লেখক চুৰেন শৰ্মাই। লগতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰেজেক্ট প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষানুষ্ঠান সমূহত অভিভাৱক অভিভাৱিকা বৃন্দও উপস্থিত থাকে।

ভাৰত মাতা আৰ্হিত জিলিকিছে দেৱী সৰস্বতী

দৈনন্দিন বাৰ্তা লাইভ,মোৰাঝাৰঃ আজি ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমূহত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, বাগদেৱীক পূজা কৰা হয়। প্ৰাচীন কালৰ পৰা বৰ্ত্তমান সময়লৈকে দেৱী পূজা অৰ্চনা পৰম্পৰাগতভাৱে চলি আহিছে। অইন বেলিৰ দৰে এইবাৰো লামডিংত ব্যতিক্ৰম ৰূপত নিৰ্মাণ হল সৰস্বতী পূজা । এইবেলি লামডিঙত মৃৎশিল্পী পৰেশ ৰুদ্ৰ পালে নিৰ্মাণ কৰি ওলিয়াইছে ১৩ ফুট উচ্চতাৰ স্বৰস্বতীৰ মৃন্ময় মূৰ্তি । শিল্পী পৰেশ ৰুদ্ৰ পালৰ হাতত প্ৰাণ পায় উঠিল ফল বজাৰৰ আকৰ্ষনীয় পূজা ভাগ । পুৱাৰে পৰা আৰম্ভ হোৱা এই পুজাৰ বিশেষ আকৰ্ষন সৰস্বতীৰ মূৰ্ত্তিভাগ । লামডিং ফল বজাৰৰ পূজা কমিটিৰ সম্পাদক অভিজিৎ সাহা আৰু সৰবজোৎ সিং উদ্যোগত প্ৰায় ৫০ হাজাৰ টকাৰ ব্যয়ৰে ১৩ফুট মুৰ্তিটো নিৰ্মাণ কৰিছে । ভাৰত মাতাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই সুবিশাল সৰস্বতী মূৰ্তি । উল্লেখ্য যে প্ৰতিবছৰে মাঘবিহুৰ শুক্লা পঞ্চমীত সৰস্বতী দেৱীৰ পূজা-অৰ্চনা হয়। মাঘ মাহৰ শ্ৰীপঞ্চমীত এই পূজা কৰা হয় বাবে সৰস্বতী পূজাক শ্ৰীপঞ্চমী বুলিও কোৱা হয়। আজি বিশেষকৈ স্কুল-কলেজসমূহত ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী পূজা-অৰ্চনা কৰে । সৰস্বতী দেৱীৰ বাহন হ’ল ৰাজহাঁহ। দেৱীৰ হাতত থকা বীণা আৰু পুস্তকে জ্ঞান-বিদ্যা আৰু সংগীতৰ মাজত যে এক গভীৰ সম্বন্ধ আছে, তাকে সূচায়। সাহিত্য, সংগীত হ’ল আন এবিধ সুকুমাৰ কলাৰে গঁথা এডাল সূঁতা। এটাক বাদ দি আনটো পূৰ্ণ নহয়, তেওঁৰ মূৰ্তিত এই সুকুমাৰ কলাৰ অপূৰ্ব সংমিশ্ৰণ দেখা যায়। আজিৰ দিনটোত অন্যান্য স্থানৰ দৰে লামডিঙতো স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতী দেৱীৰ সন্মুখত প্ৰৰ্থনা, কাকূতি-মিনতি আদি কৰি নিজৰ চেষ্টা আৰু সৰস্বতী মাতৃৰ আৰ্শীবাদত সফলতাৰে পৰীক্ষাবোৰত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে । সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে উপবাসে থাকি দেৱীৰ চৰণলৈ ‘সৰস্বতৈ নমো নিত্যং ভদ্ৰকল্যৈ নমো নমঃ’ বুলি পূস্পাঞ্জলী যাচে। সৰস্বতী পূজাৰ পিছদিনাই দেৱী নদীত বিসৰ্জন দিয়া হয়। দেৱীয়ে শুক্ল পৰিধানে তেওঁ ৰঞ্জিত হাতত থকা বীণা আৰু কিতাপে, তেওঁৰ ভৰিৰ তলত থকা শুভ্ৰ পদুম পাহে আৰু ওচৰতে নীলা পানীত চৰি থকা শুভ্ৰ শুকুলা হাহঁজনীয়ে বিদ্যাৰ্থীৰ মনত থকা শান্ত সৌন্দৰ্যৰ ৰেখাপাত কৰে। সৰস্বতীৰ আন নাম ‘বাণী’। ‘বাণী’ জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। বিদ্যাক আৰ্য ঋষি মুনিকলে শুক্লৰূপে কল্পনা কৰিছিল। কাৰণ বিদ্যাই মানুহ অন্তৰৰ সকলো মলিনতা আৰু কলুষতা দূৰ কৰে। বিদ্যাই মানুহৰ অন্তৰৰ সকলো অন্ধকাৰ দুৰ কৰি জ্ঞান পবিত্ৰতাৰে অন্তৰ শুদ্ধ কৰে, সেই দেখিয়ে বোধহয় তেওঁলোকে এগৰাকী দেৱীক শুক্ল বস্ত্ৰ পৰিধান কৰাত স্বেতপদ্ম আসনত বহুৱাই হংস-বাহন দি পূজা-অৰ্চনা কৰিছিল । যান্ত্ৰিকতাই মানুহক উন্নতিৰ শিখৰলৈ কঢ়িয়াই নিলেও দেৱ-দেৱীৰ পূজা অৰ্চনাই অতীতৰ ঋষি- মুনিসকলৰ পূজা পাতল, যাগ-যজ্ঞৰ কথা এবাৰ হ’লেও সোঁৱৰাই দিয়ে। বিশ্বায়নে আধুনিকতাৰ প্ৰলেপ সানি দিলেও, আজিৰ এই বিশেষ দিনটোত কিছু ইতিবাচক চিন্তাৰে সকলোৱে সৰস্বতী পূজাৰ শুভকামনা জনায়। লামডিং পূজা কমিটিৰ সম্পাদক অভিজিৎ সাহাই আশা কৰে যে এই পূজাই লামডিঙত বিশেষ স্থান পাব বুলি।
গৌৰীসাগৰত সৰস্বতী পূজা সম্পন্ন।

দৈনন্দিন বাৰ্তা লাইভ, গৌৰীসাগৰঃ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সমগ্ৰ ৰাজ্যৰ লগতে আজি কোঁৱৰপুৰ, গৌৰীসাগৰ, চাৰিং, দিখৌমুখকে আদি কৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় অতি উলহ মালহেৰে পালন কৰা হয়। কিন্তু একাংশ বিদ্যালয়ত পূজাৰ আগৰ ৰীতি নিয়ম পালন কৰা দেখা পোৱা নগ’ল। অন্য একাংশ বিদ্যালয়ত পুৰণা ৰীতি নিতি মতে পূজা পালন কৰা দেখা যায়। এই বাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল নকটানি উচ্চ মাধ্যমিক বিদ্যালয়। পূৰণা ৰীতি নিয়ম মতে বিদ্যালয়লৈ শিক্ষকসকলৰ লগতে ছাত্ৰসকলে ধুতি পিন্ধি অহা দৃশ্যই সকলোকে আকৰ্ষিত কৰিছিল। তাৰোপৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলে শিক্ষক-শিক্ষয়ত্ৰীসকলক তামোল- পাণ আৰু দক্ষিণা দি আৰ্শীবাদ লোৱা দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছিল তাত উপস্থিত থকা অভিভাৱক, স্থানীয় ৰাইজ আৰু অনান্য ছাত্ৰ-ছাত্ৰী সকলক।

সৰস্বতী পূজাত হৰিষতে বিষাদ– তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনাত আহত তিনি যুৱক

দৈনন্দিন বাৰ্তা লাইভ,তামুলপুৰঃ হৰিষতে বিষাদ মিলিল তামুলপুৰত। আজি সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটাত ১২৭ নং (ডি) ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত তিনিজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই হৰিষতে বিষাদ মিলিল সমগ্ৰ তামুলপুৰত।জানিব পৰা মতে, আজি দুপৰীয়া গুৱাহাটীৰ বশিষ্টৰ পৰা ছয় গৰাকী যুৱক তামুলপুৰলৈ ফুৰিবলৈ আহি থকা অৱস্থাত বৰখাটাত এছ ০১ ডি আৰ ১৬০৯ নম্বৰত অহা দুজন যুকৰ বাইকৰ আগত এটা কুকুৰ পৰাত তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত লুটি খাই পৰে। সেই সময়ে তামুলপুৰৰ চকামাৰীৰৰ মহানন্দ কলিতাৰ পুত্ৰ ধীৰাজ কলিতাই (২০) এছ ২৫ জে ৮২৬৬ নম্বৰৰ গাড়ীখনৰে ৰঙিয়ালৈ গৈ থকাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে পৰি থকা যুৱক দুজনক খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰ ভাৱে আহত হয়। লগে লগে স্থানীয় লোকে আহত যুৱক তিনি জন যুৱকক উদ্ধাৰ কৰি তামুলপুৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ধীৰাজ কলিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰে তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় আৰু বাইক দুখন উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ যায় । আহত আন দুজন যুৱক গুৱাহাটী বশিষ্ঠৰ অৰ্ণৱ বসুমতাৰী (২০) আৰু মোহন শইকীয়া (২০) বুলি জানিব পৰা গৈছে।

নাজিৰাত সৰস্বতী পূজাত ছাত্ৰ-ছাত্ৰীয়ে ধূপ-বন্তি জ্বলাই মূৰ দোঁৱালে দেৱীৰ চৰণত

দৈনন্দিন বাৰ্তা লাইভ,গেলেকীঃ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো আজি পুৱাৰে পৰা দিনযোৰাভাৱে উলহ-মালহেৰে দেৱীৰ সন্তুষ্টিৰ অৰ্থে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত সৰস্বতী পূজা উদ্যাপন কৰা হ’য় । ছাত্ৰ-ছাত্ৰীয়ে পুৱাৰ প্ৰতিকুল বতৰক নেওচি বিভিন্ন ধৰণৰ ৰং বিৰঙৰ নতুন সাজ-পোছাক পৰিধান কৰি সৰস্বতী দেৱীক দৰ্শন কৰি সেৱা জনাই । ৰাজ্যৰ চৌদিশে মুখৰিত দেৱী সৰস্বতীৰ বন্দনা । নাজিৰা মহকুমা সদৰৰ বছপন, গুৰুকুল, জ’ভিয়েল ভেলী, অংকুৰণ, শান্তি নিকেটন, শংকৰদেৱ শিশু নিকেটন, জাতীয় বিদ্যালয়ৰ লগতে সমূহ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভিতৰত নাজিৰা মহাবিদ্যালয়, গড়গাওঁ মহাবিদ্যালয়ত উলহ-মালহেৰে সৰস্বতী পূজা উদ্যাপন কৰা হয় । উল্লেখ্য যে বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নত ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰ অৰ্থে তথা আগন্তুক সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বহি প্ৰত্যকেই সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে একাধিক ছাত্ৰ-ছাত্ৰীয়ে ধূপ-বন্তি জ্বলাই মূৰ দোঁৱালে দেৱীৰ চৰণত । যথোপযুক্ত ভাৱে প্ৰাৰ্থনা জনাই অনাগত সময়ৰ শিক্ষা জীৱনত দেৱীৰ আৰ্শীবাদ বিচাৰি প্ৰাতঃস্নান কৰি সম্পূৰ্ণ ভাৱ-ভক্তিৰে সৰস্বতী দেৱীক পূজা-অৰ্চনা কৰি বছৰটোৰ সকলো বাধা-বিঘিনি সমূহ দেৱীয়ে নিঃশেষ কৰাৰ কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here