Home অসম মাজুলী মহাবিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালা

মাজুলী মহাবিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালা

100
0

 

দৈনন্দিন বাৰ্তা লাইভ,(বিকাশ শইকীয়া,উজনি মাজুলীঃ
অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যান বিভাগৰ ৰাজ্যিক পৰাৰ্মশদাতা সমিতিৰ উদ্যোগত, মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা মাজুলী মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰন কোষৰ যৌথ সহযোগত যোৱা মঙ্গলবাৰে মাজুলী মহাবিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনাৰ সক্ষমতা আহৰন সৰ্ম্পকীয় এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। অনু্ষ্ঠানটি উদ্বোধন কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথে। মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই তেখেতৰ শুভেচ্ছামুলক বাণীত অসম চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰশিক্ষাৰ্থী সকলক জনোৱাৰ লগতে, দুৰ্যোগৰ সময়ত ল’ব পৰা বিভিন্ন দিশৰ গুৰুত্বতাৰ ওপৰত অালোকপাত কৰে। মাজুলী মহাবিদ্যালয়ৰ অধক্ষ্য ড° দেৱজিৎ শইকীয়াই বিভিন্ন সময়ত হৈ থকা নানান দুৰ্যোগৰ আগত, দুৰ্যোগৰ সময়ত তথা দুৰ্যোগৰ পিছত লবলগীয়া বিভিন্ন কাৰ্যক সঠিক দিশত অৱলম্বনৰ জড়িয়তে দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থা গ্ৰহণত অধিক গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছতে সমল ব্যক্তি হিচাপে উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক মুক্তাৰাম ডেকা আৰু ৰাজ্যিক প্ৰকল্প বিষয়া কৃপালজ্যোতি মজুমদাৰে প্ৰশিক্ষাৰ্থী সকলক তথ্যভিত্তিত প্ৰশিক্ষন প্ৰদান কৰে। লগতে এচ. দি. আৰ. এফ আৰু চিভিল ডিফেঞ্চৰ বিশেষজ্ঞ বিষয়াই বিভিন্ন দুৰ্যোগৰ সময়ত লোৱা সাৱধানতাসমুহ বিষয়ে আখৰা (মৰ্কদ্ৰিল) কৰি দেখুৱাই। মাজুলী জিলাৰ প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়াই প্ৰশিক্ষন লাভ কৰা প্ৰশীক্ষাৰ্থী সকলক স্বেচ্ছাই তেখেতসকলৰ নিজৰ নিজৰ স্থানত দু্ৰ্যোগৰ সময়ত কাম কৰিবলৈ অাহ্বান জনায়। প্ৰশিক্ষনৰ শেষত ২০০ প্ৰশিক্ষাৰ্থী আপাতকালীন সময়ত ব্যৱহাৰ কৰিব পৰা বিভিন্ন সঁজুলিৰ এটিকৈ টোপোলাও প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here