Home অসম শ্রীমন্ত শংকৰদেৱ গৱেষণা প্রতিষ্ঠানলৈ কম্পিউটাৰ ছেট প্ৰদান

শ্রীমন্ত শংকৰদেৱ গৱেষণা প্রতিষ্ঠানলৈ কম্পিউটাৰ ছেট প্ৰদান

93
0

দৈনন্দিন বাৰ্তা লাইভ,(কন্দৰ্প কুমাৰ কলিতা)বটদ্রৱাঃ সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত বৈষ্ণৱ ধৰ্ম , দৰ্শন ,কলা-কৃষ্টি ,ভাষা সাহিত্য ,সঙ্গীত -নৃত্য -অভিনয়ৰ অধ্যয়ন চৰ্চা আৰু গৱেষণাৰ লক্ষ্যৰে ১৯৭৪ চনৰ ১৩ অক্তোবৰত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান নামৰ এটি জাতীয় শিক্ষা সংস্কৃতিৰ অনুষ্ঠানৰ শুভাৰম্ভ ঘটিছিল। আজি উক্ত প্ৰতিষ্ঠানলৈ ধিঙৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া আদিত্য বৰাই বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানলৈ উন্নত প্রযুক্তিৰ প্ৰিন্টাৰ আৰু জেৰক্স মেচিন সহ এটি কম্পিউটাৰ ছেট আগবঢ়াইছে। আজি পুৱা শ্রীমন্ত শংকৰদেৱ গৱেষণা প্রতিষ্ঠানত আদিত্য বৰাৰ হৈ পুত্ৰ কিশোৰ বৰা আৰু জোৱাই অংকিত জৈনে আনুষ্ঠানিকভাৱে গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাক কম্পিউটাৰ ছেটটো প্ৰদান কৰে। অনুষ্ঠানটিত গৱেষণা প্রতিষ্ঠানৰ উপ সভাপতি অতুল মহন্ত, সদস্য মন্টু বৰা, পংকজ কলিতা, হিমেশ্বৰ দাস, উপেন শইকীয়া, ময়ূৰ জ্যোতি শইকীয়া, বিকাশ কলিতাকে প্রমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here