Home মুখ্য পৃষ্ঠা ভাৰতত শীঘ্ৰেই ৬ পাৰমাণৱিক শক্তি প্ৰকল্প

ভাৰতত শীঘ্ৰেই ৬ পাৰমাণৱিক শক্তি প্ৰকল্প

81
0

ৱাশ্বিংটন,১৪ মাৰ্চ ঃ ভাৰতত ছটা পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত নতুন দিল্লী আৰু ৱাশ্বিংটন উভয়ে সন্মত হয়। বুধবাৰে এক যুটীয়া বিবৃতিত এই কথা উল্লেখ কৰে ভাৰতে। উল্লেখযোগ্য যে ৱাশ্বিংটনত শেহতীয়াভাৱে অনুষ্ঠিত হৈ যায় নৱম সংখ্যক ভাৰত- আমেৰিকা কূটনৈতিক নিৰাপত্তা সম্পৰ্কীয় বৈঠক। ইয়াত অংশগ্ৰহণ কৰে ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলে আৰু আমেৰিকাৰ অস্ত্ৰ নিয়ন্ত্ৰণ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিভাগৰ সচিব এণ্ড্ৰিয়া থমছনে। যুটীয়া বিবৃতিটোত উল্লেখ কৰা অনুসৰি–‘এই সিদ্ধান্তৰ লক্ষ্য হৈছে দ্বিপাক্ষিক নিৰাপত্তা সুনিশ্চিত কৰাটো। সমান্তৰালভাৱে অসামাৰিক পাৰমাণৱিক সহযোগিতা শক্তিশালী কৰা যাব। সেয়েহে ভাৰতত আমেৰিকাৰ ছটা পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপনৰ লক্ষ্য লোৱা হৈছে।’ উল্লেখযোগ্য যে ২০০৮ চনৰ অক্টোবৰ মাহতে ভাৰত আৰু আমেৰিকাৰ মাজত অসামৰিক পাৰমাণৱিক শক্তি সহযোগিতামূলক এখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিয়ে দ্বিপাক্ষিক সম্পৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰিছিল। তেতিয়াৰে পৰাই সম্পৰ্কৰ অৱনতি হোৱা নাছিল। ভাৰত আৰু আমেৰিকাৰ মাজত। তাতোকৈ ডাঙৰ কথাটো হ’ল উক্ত চুক্তিখনৰ সুবাদতে ‘নিউক্লিয়াৰ ছাপ্লায়াৰ্ছ গ্ৰুপ’ (এনএছজি)ৰ বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হয় ভাৰত। তদুপৰি ইয়াৰ সুবিধাৰে পৰৱৰ্তী সময়ত ভাৰতে পাৰমাণৱিক শক্তি সম্পন্ন কেইবাখনো উল্লেখযোগ্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়। ৱাশ্বিংটনত অনুষ্ঠিত উক্ত বৈঠকত ভাৰতে অসামৰিক পাৰমাণৱিক সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত আছে–আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, কানাডা, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, সংযুক্ত যুক্তৰাষ্ট্ৰ, জাপান, ভিয়েটনাম, বাংলাদেশ, কাজাখাস্তান আৰু দক্ষিণ কোৰিয়া। বৈঠকৰ অন্তিম দিনা অৰ্থাৎ ১৩ মাৰ্চৰ দিনা ৱাশ্বিংটন মহলে ভাৰতৰ শলাগ লৈ কয় যে অতি কম সময়তে ভাৰত এনএছজিৰ সদস্য হৈ পৰিছিল। প্ৰসংগক্ৰমে এনএছজিৰ সদস্য হোৱাৰ ক্ষেত্ৰত চীনে প্ৰত্যাহবানৰ সৃষ্টি কৰি পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক সুযোগ নিদিয়াৰ চক্ৰান্ত চলাইছিল। বৈঠকত আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগত আলোচনা চলে। সেই সমূহৰ ভিতৰত হ’ল বিশ্বজনীন সুৰক্ষা, সামূহিক প্ৰত্যাহবান আৰু ইয়াক নিৰ্মূলৰ বাবে সংঘবদ্ধ প্ৰচেষ্টা। সন্ত্ৰাসবাদীৰ সমৰসজ্জা নিৰ্মূলৰ বাবেও ইয়াত আলোচনা চলে। ইফালে মঙলবাৰৰ দিনটোত ভাৰতৰ নিৰস্ত্ৰীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমাৰ অতিৰিক্ত সচিব মণি পাণ্ডে, আমেৰিকাৰ প্ৰতিপক্ষ লিম ডিএছ পপলেটে আন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। দুয়োগৰাকী বিষয়াই মহাকাশৰ প্ৰত্যাহবান সম্পৰ্কত আলোচনা কৰি নিৰ্মূলৰ পদক্ষেপ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here